ডাউনলোড
মোবাইল এপ

android apple
signal

July 21, 2024 8:14 PM | BSF

printer

৩৭৩ গৰাকী ভাৰতীয় আৰু তিনিগৰাকী নেপালী শিক্ষার্থী ত্ৰিপুৰাৰ সীমান্তৰে বাংলাদেশৰ পৰা ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰা বুলি সীমান্ত সুৰক্ষা বাহিনীৰ প্ৰকাশ

সীমান্ত সুৰক্ষা বাহিনীয়ে আজি প্ৰকাশ কৰিছে যে, ৩৭৩ গৰাকী ভাৰতীয় শিক্ষাৰ্থীৰ লগতে তিনি গৰাকী নেপালী শিক্ষার্থী ত্ৰিপুৰাৰ দুটা ছেকপোষ্টেৰে বাংলাদেশৰ পৰা ভাৰতলৈ উভতি আহিছে। বাংলাদেশত যোৱা কিছুদিন ধৰি সংৰক্ষণৰ বিৰোধীতাৰে হিংসাত্মক পৰিস্থিতি সৃষ্টি হোৱা পৰিপ্ৰেক্ষিতত শিক্ষাৰ্থীসকল নিজৰ দেশলৈ উভতি আহিছে। সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰি ত্ৰিপুৰা সীমান্তৰ মহা পৰিদৰ্শক পাটেল পীয়ুষ পুৰুসোত্তম দাসে কয় যে চোনামূৰা জিলাৰ শ্ৰীমন্তপুৰ ছেকপোষ্টেৰে ৩০০ গৰাকী আৰু আখাউৰা ছেকপোষ্টেৰে ৭৬ গৰাকী শিক্ষার্থী উভতি আহিছে। তেওঁ লগতে আন ৩০০ গৰাকী শিক্ষার্থী আজি ত্ৰিপুৰাৰ মাজেৰে ভাৰতত প্ৰৱেশ কৰিব বুলি প্ৰকাশ কৰে। উল্লেখযোগ্য যে বাংলাদেশত বৃহৎ সংখ্যক ভাৰতীয় ছাত্ৰ-ছাত্ৰীয়ে চিকিৎসা বিজ্ঞান অধ্যয়ন কৰি আছে। মহাপৰিদৰ্শকগৰাকীয়ে প্ৰকাশ কৰিছে যে, সীমান্তত কোনো অপ্রীতিকৰ পৰিস্থিতি উদ্ভৱ নোহোৱাটো সুনিশ্চিত কৰাৰ উদ্দেশ্যে সীমান্ত সুৰক্ষা বাহিনীয়ে স্থানীয় বাসিন্দাসকলৰ সৈতে নিবিড় সহযোগিতাৰে কাম কৰি কৰিছে। তেওঁ লগতে কয় যে, ত্ৰিপুৰাৰ ৮৫৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ ভাৰত-বাংলাদেশ সীমান্তৰ ভিতৰত ৯৫ শতাংশ অঞ্চলৰ কটা তাঁৰৰ বেৰৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে। তেওঁ লগতে কয় যে, ২৭ .৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ উন্মুক্ত অঞ্চলত সীমান্তৰ বেৰ নিৰ্মাণৰ কাম অব্যাহত আছে।

অধিক পঢ়ক

সকলো চাওক