ডাউনলোড
মোবাইল এপ

android apple
signal

৩২ সংখ্যক আন্তঃৰাষ্ট্ৰীয় কৃষি সন্মিলনত বিদেশী প্ৰতিনিধিসকলৰ ভাৰতৰ কৃষি সম্ভাৱনা আৰু ইয়াৰ সামগ্ৰিক বিকাশ গাঁথাৰ শলাগ

৩২ সংখ্যক আন্তঃৰাষ্ট্ৰীয় কৃষি সন্মিলনৰ বিদেশী প্ৰতিনিধিসকলে ভাৰতৰ কৃষি সম্ভাৱনা আৰু ইয়াৰ সামগ্ৰিক বিকাশ গাঁথাৰ শলাগ লৈছে। ছদিনীয়া এই সন্মিলনত অংশগ্ৰহণ কৰা বিভিন্ন ৰাষ্ট্ৰৰ বিশিষ্ট প্রতিনিধিসকলে কৃষিখণ্ডত ভাৰতৰ সাফল্য আৰু উদ্ভাৱনসমূহৰ ভূয়সী প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীত এই সন্মিলন মুকলি কৰে। সন্মিলনত বিশ্বৰ ৭৫ খন দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে। বাংলাদেশৰ এগৰাকী প্ৰতিনিধি হাচিমে গোলকীয় কৃষি প্ৰেক্ষাপটত ভাৰতৰ স্থিতিৰ শলাগ লৈ কয় যে, ভাৰতে বহুতো কৃষিগত সামগ্ৰীৰ উৎপাদনৰ ক্ষেত্ৰত বিশ্বৰ নেতৃত্ব বহন কৰিছে। তেওঁ কয় যে, ভাৰতৰ বৈচিত্ৰ্যপূৰ্ণ পৰিৱেশতন্ত্ৰ আৰু শিক্ষা আন্তঃগাঁথনিয়ে ইয়াৰ কৃষিগত সাফল্যৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। কেনিয়াৰ প্ৰতিনিধি ড° মাকৱালে কয় যে, কৃষিখণ্ডত ভাৰতে দ্রুতভাৱে বিকাশ লাভ কৰিছে আৰু ইয়াৰ গৱেষণামূলক কাম-কাজসমূহ সঁচাকৈয়ে প্রশংসনীয়। ইপিনে, জাপানৰ এগৰাকী প্ৰতিনিধি চবৰেনে বিভিন্ন প্ৰকাৰৰ কৃষিগত সামগ্ৰীৰ উৎপাদন আৰু ৰপ্তানিৰ ক্ষেত্ৰত ভাৰতৰ সামৰ্থৰ প্ৰশংসা কৰে। তেওঁ লগতে পৰম্পৰাগত ব্যৱস্থা আৰু আধুনিক প্ৰযুক্তি সংমিশ্ৰণৰ ক্ষেত্ৰত ভাৰত আৰু অন্যান্য দেশৰ মাজৰ সহযোগিতাৰ প্ৰয়োজন সন্দৰ্ভতো গুৰুত্ব আৰোপ কৰে। সন্মিলনত ভাষণ দি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, শক্তিশালী কৃষিখণ্ডৰ সৈতে ভাৰত খাদ্য সামগ্ৰী ৰাহি হোৱা দেশ হিচাপে পৰিগণিত হৈছে।

অধিক পঢ়ক

সকলো চাওক