কয়লা মন্ত্রালয়ে আজি সপ্তম খেপৰ দ্বিতীয় প্ৰচেষ্টাৰ অধীনত ৩টা কয়লাখনিৰ নিলামৰ বাবে কয়লা খনন বিকাশ তথা উৎপাদন চুক্তি ৰূপায়ণ কৰিছে। বাণিজ্যিক কয়লা খননৰ ক্ষেত্ৰত হোৱা গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে মাছকাটা কয়লাখনি, কুদানালী লুবৰি কয়লাখনি আৰু সাখিগোপাল বি কাকুৰী কয়লাখনিত এই চুক্তি ৰূপায়ণ কৰা হৈছে। এন এল চি ইণ্ডিয়া লিমিটেড, গুজৰাট মিনাৰেল ডেভেলপমেণ্ট কৰ্পৰেশ্বন লিমিটেড আৰু তামিলনাডু জেনেৰেশ্বন এণ্ড ডিস্ট্রিবিউছন কৰ্পৰেশ্বন লিমিটেডে এই প্ৰকল্পৰ নিবিদা লাভ কৰিছে। এই তিনিটা কয়লাখনিৰ পৰা ৩ হেজাৰ কোটি টকা বাৰ্ষিক ৰাজহ আহৰণ হব বুলি অনুমান কৰা হৈছে। এবাৰ কাৰ্যক্ষম হোৱাৰ পাছত এই খনিসমূহৰ জৰিয়তে ৪০ হাজাৰ প্ৰত্যক্ষ তথা পৰোক্ষ নিযুক্তিৰ সৃষ্টি হব বুলি আশা কৰা হৈছে।
Site Admin | July 15, 2024 8:18 PM | Coal Ministry