প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দুদিনীয়া চৌদি আৰৱ ভ্ৰমণসূচীৰে দেশখনলৈ ৰাওনা হৈছে। যুৱৰাজ আৰু প্ৰধানমন্ত্রী মহম্মদ বিন ছলমানৰ আমন্ত্রণমৰ্মে শ্ৰী মোদীয়ে এইবেলি তৃতীয় বাৰৰ বাবে চৌদি আৰৱ ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰীৰ এই ভ্রমণে দুয়োখন দেশৰ সম্পৰ্ক সুদৃঢ় কৰাৰ লগতে অর্থনৈতিক, প্ৰতিৰক্ষা, সাংস্কৃতিক আৰু কৌশলগত সহযোগিতাৰ দিশত বিশেষ গুৰুত্ব বহন কৰিব বুলি আশা কৰা হৈছে। প্রধানমন্ত্ৰী মোদীৰ জেদ্দাহ ভ্রমণকালত কেইবাখনো নতুন চুক্তি স্বাক্ষৰিত হ’ব বুলি আশা কৰা হৈছে। তদুপৰি এই ভ্রমণে আঞ্চলিক স্থিৰতা, শক্তি, নিৰাপত্তা, প্ৰতিৰক্ষা আৰু অৰ্থনৈতিক প্ৰগতিৰ দৰে গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ সহযোগিতা শক্তিশালী কৰিব ৷ ৰাছিয়া ইউক্রেইনৰ সংঘৰ্ষ, চীনৰ চুবুৰীয়া দেশত পথ নিৰ্মাণৰ অগ্ৰাসী নীতি তথা বাণিজ্যিক ক্ষেত্ৰৰ অনিশ্চয়তাৰে ভৰা সাম্প্ৰতিক আন্তর্জাতিক পৰিস্থিতিৰ মাজতে এই ভ্ৰমণ গুৰুত্বপূৰ্ণ হিচাপে চিহ্নিত হৈছে। এই ভ্ৰমণৰ জৰিয়তে দুয়োখন দেশৰ নেতৃত্বই ইজৰাইল আৰু হামাচৰ সংঘৰ্ষৰ অন্ত পেলোৱাৰ লগতে গাজাৰ পৰিস্থিতি উন্নত কৰাকে ধৰি আঞ্চলিক প্ৰগতি ত্বৰান্বিত কৰাৰ সুযোগ লাভ কৰিব। এই ভ্ৰমণকালত বাণিজ্য, সংযোগ, শক্তি, নিৰাপত্তা, বিনিয়োগ, সংস্কৃতি তথা আঞ্চলিক সহযোগিতা সন্দৰ্ভত আলোচনা কৰা হ’ব। প্ৰস্তাৱিত ভাৰত-মধ্য প্ৰাচ্য ইউৰোপ অৰ্থনৈতিক কৰিড’ৰ সন্দৰ্ভতো বিশেষ আলোচনা কৰা হ’ব। এই কৰিড’ৰৰ জৰিয়তে কার্বন নির্গমনৰ পৰিমাণ হ্ৰাস, নিয়োগৰ সুবিধা সৃষ্টি হোৱাৰ লগতে অর্থনৈতিক প্রগতি সাধিত হোৱাৰ সম্ভাৱনা আছে।জেদ্দাহত থকা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলে প্রধানমন্ত্ৰী মোদীৰ ভ্ৰমণ সন্দৰ্ভত গৌৰৱ তথা উছাহ প্ৰকাশ কৰিছে। এই প্রবাসী ভাৰতীয়সকলে প্রধানমন্ত্রী মোদীৰ ভ্ৰমণক ঐতিহাসিক ততা সোণালী মুহূর্ত আখ্যা দিয়াৰ লগতে ইয়াৰ জৰিয়তে দেশ দুখনৰ মাজৰ সম্পৰ্ক গভীৰ হৈ উঠিব বুলি আশা প্রকাশ কৰিছে। প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনোৱাৰ উদ্দেশ্যে বিয়লিৰ ভাগলৈ সাংস্কৃতিক কাৰ্যসূচীকে ধৰি পৰম্পৰাগত আদৰণি অনুষ্ঠানৰ আয়োজন কৰা হৈছে।প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই ভ্রমণে ভাৰত আৰু চৌদি আৰৱৰ মাজত দ্বিপাক্ষিক সম্পর্ক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে।
Site Admin | April 22, 2025 2:53 PM | Akashvani News | Naredra Modi | PMO Modi
২ দিনীয়া চৌদি আৰৱ ভ্ৰমণসূচীৰে দেশখনলৈ ৰাওনা প্রধানমন্ত্ৰী মোদী
