■ অহা ২ এপ্ৰিলত হ’বলগীয়া ৰাভা-হাচং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত ৩৩ টা সমষ্টিত মুঠ ৯৬ গৰাকী প্রার্থী প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ’ব। নিৰ্বাচনত দুয়োখন জিলাৰ ৩ গৰাকী প্ৰাৰ্থী বিনা প্রতিদ্বন্দ্বিতাৰে জয়ী হৈছে। নির্বাচন হ’বলগীয়া দুখন জিলা কামৰূপ আৰু গোৱালপাৰাৰ ৩৬টা সমষ্টিৰ বাবে মুঠ ১০৭ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল। পৰিষদৰ অন্তৰ্গত গোৱালপাৰা জিলাৰ ২০টা সমষ্টিৰ বাবে মুঠ ৫৫ গৰাকী আৰু কামৰূপ জিলাৰ ১৬টা সমষ্টিৰ বাবে ৫২ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল। আমাৰ কামৰূপৰ সংবাদদাতাই জনোৱা মতে কামৰূপ জিলাৰ অন্তৰ্গত হাঁহিম সমষ্টিত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী সোণাৰাম ৰাভা আৰু খলিহাকোষ্ঠ পৰিষদীয় সমষ্টিত নগৰমল স্বৰ্গীয়াৰী বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। জিলাখনৰ অন্তৰ্গত বাকী ১৪ টা সমষ্টিৰ ৫০ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৬ গৰাকী প্ৰাৰ্থীয়ে নাম প্ৰত্যাহাৰ কৰাৰ ফলত এতিয়া মুঠ ৪৪ গৰাকী প্ৰাৰ্থীৰ মাজত প্ৰতিদ্বন্দ্বিতা হ’ব। গোৱালপাৰা জিলাৰ ২০টা সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰা ৫৫ গৰাকী প্ৰাৰ্থীৰ ভিতৰত জয়ৰামকুছি পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী প্ৰেমাজুলি ৰাভা বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। আন এগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন প্রত্যাহাৰ কৰিছে। ইয়াৰ ফলত সমষ্টিকেইটাত ৫২ গৰাকী প্ৰাৰ্থী প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হোৱাটো নিশ্চিত হৈছে বুলি আমাৰ সংবাদদাতাই জনাইছে।
পৰিষদৰ এই নিৰ্বাচনত ৰাভা-হাচং যৌথ সংগ্ৰাম সমিতিয়ে ৩০টাত আৰু বিজেপিয়ে ৬টা সমষ্টিত প্রার্থিত্ব দিছে।
২ এপ্ৰিলৰ পুৱা ৭ বজাৰ পৰা বিয়লি ৩ বজালৈ ভোটগ্রহণ হ’ব। অহা ৪ এপ্ৰিলত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব। ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিন- ২ এপ্ৰিলত পৰিষদৰ অন্তৰ্গত অঞ্চলসমূহত সকলো চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান বন্ধ থাকিব। নেগ’চিয়েব’ল ইন্ট্রুমেণ্টছ আইনৰ অধীনত জাৰি কৰা নিৰ্দেশ অনুসৰি ভোটগ্ৰহণৰ দিনাখন সংশ্লিষ্ট অঞ্চলসমূহৰ সকলো বেচৰকাৰী কাৰ্যালয়, ব্যৱসায়িক প্রতিষ্ঠান, বেংক, চাহ বাগিচা আদিতো দৰমহাসহ বন্ধৰ দিন ঘোষণা কৰা হৈছে।
Site Admin | March 20, 2025 11:13 AM | Akashvani Guwahati | Election | Rabha Autonomous Council
২ এপ্ৰিলত ৰাভা-হাচং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন
