অহা ২ এপ্ৰিলত হ’বলগীয়া ৰাভা-হাচং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগ্রহণ নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে নিয়োগ কৰা মাণ্ডলিক বিষয়া আৰু ছেক্টৰ বিষয়াসকলৰ সৈতে আজি গোৱালপাৰা জিলা প্ৰশাসনৰ এখন বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত তথা ৰিটার্নিং বিষয়া খনীন্দ্ৰ চৌধুৰীৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকখনত বিষয়াসকলৰ পৰা ভোটগ্রহণ কেন্দ্ৰসমূহৰ বিষয়ে বুজ লোৱা হয়। এই বৈঠকত নিৰ্বাচনৰ বাবে অহা পৰ্যবেক্ষক ৰঞ্জিত কুমাৰ লস্কৰ আৰু ত্ৰিপুৰেন্দ্ৰ পাৰ্টৰ উপস্থিত থাকে। উল্লেখযোগ্য যে এই নিৰ্বাচনৰ মনোনয়ন পত্ৰসমূহ কালি পৰীক্ষা কৰি বৈধ মনোনয়ন পত্ৰৰ তালিকা প্ৰকাশ কৰা হয়। কামৰূপ জিলাৰ ১৬ টা পৰিষদীয় সমষ্টিৰ বাবে মুঠ ৫২ গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰা আটাইকেইখন মনোনয়ন বৈধ হিচাপে বিবেচিত হয়। প্ৰাৰ্থীসকলে কাইলৈ বিয়লি ৩ বজালৈকে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব। কাইলৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হ’ব। অহা ২ এপ্ৰিলৰ পুৱা ৭ বজাৰ পৰা বিয়লি ৩ বজালৈ ভোটগ্রহণ হ’ব আৰু ৪ এপ্ৰিলত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব।
Site Admin | March 18, 2025 9:11 PM | Assam | Assam Election | Local news
২ এপ্ৰিলত ৰাভা-হাচং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন
