ডাউনলোড
মোবাইল এপ

android apple
signal

২ এপ্ৰিলত হ’বলগীয়া ৰাভা-হাচং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন

অহা ২ এপ্ৰিলত হ’বলগীয়া ৰাভা-হাচং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে মুঠ ১০৭ গৰাকী প্ৰাৰ্থীয়ে তেওঁলোকৰ মনোনয়ন দাখিল কৰে। পৰিষদৰ অন্তৰ্গত মুঠ ৩৬টা সমষ্টিৰ ভিতৰত গোৱালপাৰা জিলাৰ ২০টা সমষ্টিৰ বাবে মুঠ ৫৫ গৰাকী আৰু কামৰূপ জিলাৰ ১৬টা সমষ্টিৰ বাবে ৫২ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। এই নিৰ্বাচনত ৰাভা-হাচং যৌথ সংগ্ৰাম সমিতিয়ে ৩০টাত আৰু বিজেপিয়ে ৬টা সমষ্টিত প্রার্থিত দিছে। ১৭ মাৰ্চত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হয়। আজি বিয়লি ৩ বজাত মনোনয়ন পত্ৰ প্ৰত্যাহাৰ প্ৰক্ৰিয়া সমাপ্ত হয়। কামৰূপ জিলাৰ অন্তৰ্গত হাঁহিম সমষ্টিত ৰাভা হাছ যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী সোণাৰাম ৰাভা আৰু খলিহাকোঠ পৰিষদীয় সমষ্টিত নগৰমল স্বৰ্গীয়াৰী বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। জিলাখনৰ অন্তৰ্গত বাকী ১৪ টা সমষ্টিত মুঠ ৫০ গৰাকী প্ৰাৰ্থীৰ মাজত প্রতিদ্বন্দ্বিতা হ’ব। অহা ২ এপ্ৰিলৰ পুৱা ৭ বজাৰ পৰা বিয়লি ৩ বজালৈ ভোটগ্রহণ হ’ব। অহা ৪ এপ্ৰিলত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব। ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিন- ২ এপ্ৰিলত পৰিষদৰ অন্তর্গত অঞ্চলসমূহত সকলো চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান বন্ধ থাকিব। নেগ’চিয়েব’ল ইনষ্ট্ৰুমেণ্ট আইনৰ অধীনত জাৰি কৰা নিৰ্দেশ অনুসৰি ভোটগ্ৰহণৰ দিনাখন সংশ্লিষ্ট অঞ্চলসমূহৰ সকলো বেচৰকাৰী কাৰ্যালয়, ব্যৱসায়িক প্রতিষ্ঠান, বেংক, চাহ বাগিচা আদিতো দৰমহাসহ বন্ধৰ দিন ঘোষণা কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক