April 15, 2024 6:44 PM | Amarnath Yatra

printer

অমৰনাথ বাৰ্ষিক যাত্ৰা ২৯ জুনত আৰম্ভ

জম্মু-কাশ্মীৰৰ দক্ষিণ কাশ্মীৰ হিমালয় ক্ষেত্ৰৰ শ্ৰী অমৰনাথ জীৰ বাৰ্ষিক যাত্ৰা অহা ২৯ জুনৰ পৰা আৰম্ভ হৈ ১৯ আগষ্টত সামৰণি পৰিব। শ্ৰী অমৰনাথ মন্দিৰ পৰিষদে ঘোষণা কৰিছে যে, ৫২ দিনীয়া এই তীর্থ যাত্ৰাৰ পঞ্জীয়ন আজিৰে পৰা মুকলি কৰা হৈছে। বাৰ্ষিক অমৰনাথ যাত্ৰা দুটা পথেৰে কৰিব পাৰিব । এই পথ দুটা হ’ল- অনন্তনাগ জিলাৰ পৰম্পৰাগত ৪৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ নুনৱান-পেহেলগাম পথ আৰু গান্দেবাল জিলাৰ ১৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ বালতাল পথ। হিমবাহ আৰু বৰফেৰে আগুৰি থকা অনন্তনাগ জিলাৰ লিড্ডাৰ উপত্যকাত অৱস্থিত আৰু বছৰজুৰি বৰফেৰে আবৃত হৈ থকা অমৰনাথ গুহালৈ এয়া হৈছে হিন্দু তীর্থ যাত্ৰীসকলৰ বাবে বাৰ্ষিক তীর্থ যাত্রা। অসমৰনাথ যাত্ৰা ভক্তসকলৰ বাবে অন্যতম কঠিন আৰু প্ৰত্যাহ্বানমূলক যাত্ৰা। এই তীৰ্থস্থান ভগৱান শিৱৰ বাসস্থান বুলি বিশ্বাস কৰা হয়। প্ৰতি বছৰে হাজাৰ হাজাৰ ভক্তই ভগৱান শিৱৰ আশীৰ্বাদ ল’বলৈ অমৰনাথ গুহালৈ যায়। বাৰ্ষিক অমৰনাথ যাত্রা শাওণ মাহৰ নিৰ্দিষ্ট দিনত পেহেলগাম আৰু বালতালৰ পৰা আৰম্ভ হয়। এই বছৰৰ অমৰনাথ যাত্ৰা নিৰ্ধাৰিত দিনত আৰম্ভ হ’ব আৰু ভক্তসকলে অমৰনাথ যাত্ৰাৰ অফিচিয়েল ৱেবচাইটত এই যাত্ৰাৰ পঞ্জীয়ন প্ৰ-পত্ৰ আৰু চিকিৎসা প্ৰপত্ৰ পূৰ্ণ কৰিব পাৰিব।

অধিক পঢ়ক

সকলো চাওক