September 15, 2024 8:22 PM | PM Mann Ki Baat

printer

২৯ ছেপ্তেম্বৰৰ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ বাবে প্রধানমন্ত্ৰীৰ জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ আহ্বান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৯ ছেপ্তেম্বৰত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ- বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাব ব্যক্ত কৰিব। এয়া হ’ব অনুষ্ঠানটিৰ ১১৪ সংখ্যক খণ্ড। প্রধানমন্ত্ৰীয়ে এই অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে ১৮০০-১১-৭৮০০ এই শুল্কবিহীন নম্বৰলৈ ফোন কৰি প্ৰধানমন্ত্ৰীলৈ দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। তেওঁলোকে লগতে নৰেন্দ্ৰ মোদী এপ অথবা মাই গভ মুকলি মঞ্চৰ যোগেদিও পৰামৰ্শ আগবঢ়াব পাৰিব। অনুষ্ঠানটিৰ আসন্ন খণ্ডৰ বাবে ২৭ ছেপ্তেম্বৰ পৰ্যন্ত পৰামৰ্শ গ্ৰহণ কৰা হ’ব ।  আকাশবাণী – দূৰদৰ্শনৰ সমগ্ৰ নেটৱৰ্কৰ লগতে আকাশবাণীৰ ৱেৱছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপযোগে ২৯ ছেপ্তেম্বৰত দিনৰ ১১ বজাত এই অনুষ্ঠান প্ৰচাৰ কৰা হ’ব। আকাশবাণী, দূৰদৰ্শন নিউজ, প্রধানমন্ত্রী কার্যালয় আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠানৰ প্ৰচাৰ কৰা হ’ব। আকাশবাণীয়ে প্ৰচাৰ হোৱাৰ ঠিক পাছতেই অনুষ্ঠানটিৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব।

অধিক পঢ়ক

সকলো চাওক