বিজেপিয়ে আম আদমী পাৰ্টীক পৰাস্ত কৰি ২৭ বছৰৰ মূৰত দিল্লীত পুনৰ ক্ষমতাত অধিস্থিত হৈছে। দলটোৱে দিল্লী বিধানসভাৰ ৭০ খন আসনৰ ভিতৰত ৪৮ খনত জয়লাভ কৰিছে। ইয়াৰ বিপৰীতে আম আদমী পাৰ্টীয়ে ২২ খনত জয়লাভ কৰিছে। কংগ্ৰেছ দলে কোনো আসন লাভ কৰা নাই। বিজেপিৰ পৰা জয়লাভ কৰা উল্লেখযোগ্য নেতাসকলৰ ভিতৰত আছে নতুন দিল্লীত পৰবেশ ছাহিব সিং, জুনপুৰাৰ পৰা তৰবিন্দ সিং মাৰোৱা, কাৰৱাল নগৰৰ পৰা কপিল মিশ্র, ৰোহিনীৰ পৰা বিজেন্দ্ৰ গুপ্তা, ৰজৌৰি গার্ডেনৰ পৰা মনজিন্দৰ সিং চিছা, গান্ধীনগৰৰ পৰা অৰবিন্দ সিং লাভলী, গ্ৰেটাৰ কৈলাশৰ পৰা শিখা ৰয় আৰু মটি নগৰৰ পৰা হাৰিষ খুৰানা । আম আদমী পাৰ্টীৰ পৰা জয়ী হোৱা নেতাসকলৰ ভিতৰত আছে কালকাজি সমষ্টিৰ পৰা মুখ্যমন্ত্ৰী আতিছি, সদৰবাজাৰত সোম দত্ত, বাবৰপুৰত গোপাল ৰায়, দিল্লী চাউনীৰ পৰা বিৰেন্দ্ৰ সিং কাৰিয়ান, কন্দলী আসনখনৰ পৰা কুলদীপ কুমাৰ, তিলক নগৰৰ পৰা জার্নেল সিং, বল্লীমাৰানৰ পৰা ইমৰাণ হুছেইন আৰু ছুলতানপুৰ মাজৰা সমষ্টিৰ পৰা মুকেশ কুমাৰ আহ্লাৱাট। নিৰ্বাচনত পৰাজয় বৰণ কৰা আগশাৰীৰ নেতাসকলৰ ভিতৰত আম আদমী পাৰ্টীৰ জ্যেষ্ঠ নেতা তথা দিল্লীৰ প্রাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, মনিষ চিছোডিয়া, সৌৰভ ভৰদ্বাজ, দুর্গেশ পাঠক, কংগ্ৰেছৰ সন্দীপ দিক্ষীত আৰু বিজেপিৰ ৰমেশ বিধূৰি তথা ৰাজ কুমাৰ আনন্দ অন্যতম। ইফালে উত্তৰ প্ৰদেশৰ মিল্কিপুৰ বিধানসভা সমষ্টিৰ উপ-নির্বাচনত বিজেপিৰ চন্দ্ৰভানু পাচোৱানে জয়লাভ কৰিছে। তামিলনাডুৰ ইৰোড পূব বিধানসভা সমষ্টিৰ উপ-নির্বাচনত ডি এম কেৰ চন্দিকুমাৰ ভি চিয়ে জয়ী হৈছে।
Site Admin | February 9, 2025 11:04 AM | Delhi Assembly Election
২৭ বছৰৰ মূৰত বিজেপিৰ দিল্লীত পুনৰ ক্ষমতাত অধিস্থিত
