ডাউনলোড
মোবাইল এপ

android apple
signal

November 21, 2024 6:29 PM | Assam Book Fair

printer

২৭ ডিচেম্বৰত গুৱাহাটী খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অসম গ্ৰন্থমেলা আৰম্ভ

অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ যৌথ উদ্যোগত অহা ২৭ ডিচেম্বৰৰ পৰা ১২ দিনীয়া কাৰ্যসূচীৰে গুৱাহাটী খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অসম গ্ৰন্থমেলা অনুষ্ঠিত হ’ব। নুনমাটিৰ পৰা আমবাৰীলৈকে উৰণ সেতুৰ নিৰ্মাণৰ কাম চলি থকাৰ বাবে চানমাৰিত হৈ থকা যান-জঁটৰ পৰিপ্ৰেক্ষিতত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰৰ পৰিৱৰ্তে বিকল্প স্থান হিচাপে খানাপাৰাত এইবাৰৰ অসম গ্ৰন্থমেলা অনুষ্ঠিত হ’ব বুলি প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই এটা বিবৃতিযোগে জানিবলৈ দিছে। ২৬ জানুৱাৰীৰ গণৰাজ্য দিৱসৰ কাৰ্যসূচীৰ বাবে নিৰাপত্তাজনিত কাৰণত খেলপথাৰখন ব্যৱহাৰৰ অনুমতি প্ৰদানৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি হৈছিল যদিও শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ তৎপৰতাত খেলপথাৰখনত গ্রন্থমেলা অনুষ্ঠিত কৰিবলৈ অনুমতি লাভ কৰা হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত গৃহ বিভাগে পূৰ্বৰ নিৰ্দিষ্ট সময়তকৈ দুটা দিন আগুৱাই গ্ৰন্থমেলাখন অনুষ্ঠিত কৰিবলৈ অনুমতি প্ৰদান কৰে । প্ৰকাশন প্রতিষ্ঠান তথা অন্যান্য বিপণীৰ বাবে ইতিমধ্যে আবেদন পত্ৰ মুকলি কৰা হৈছে। গুৱাহাটীৰ বামুণীমৈদামত থকা অসম প্ৰকাশন পৰিষদৰ কাৰ্যালয় তথা পাণবজাৰৰ যশৱন্ত পথৰ সৰস্বতী মার্কেটত থকা সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ কাৰ্যালয় আৰু www.publicationboardassam.com ৱেবছাইটৰ পৰা আবেদন সংগ্ৰহ কৰিব পাৰিব। সংগৃহীত আবেদন পত্ৰসমূহ পূৰণ কৰি অহা ৩ ডিচেম্বৰৰ ভিতৰত জমা দিব লাগিব। অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই জনোৱা অনুসৰি অসমৰ লগতে দেশ-বিদেশৰ বহুকেইটা আগশাৰীৰ প্ৰকাশন গোষ্ঠীয়ে ইতিমধ্যে অসম গ্রন্থমেলা, গুৱাহাটীত অংশগ্ৰহণৰ বাবে যোগাযোগ কৰিছে ।

অধিক পঢ়ক

সকলো চাওক