আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনকেইটাত অর্থাৎ অহা ২৬ এপ্ৰিল আৰু ৭ মে’ৰ দুপৰীয়া ১ বাজি ২০ মিনিট আৰু সন্ধিয়া ৭ বাজি ২০ মিনিটত বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব । অনুষ্ঠানটি আমাৰ ইউটিউব চেনেল Air News Guwahati আৰু News on AIR এপতো শুনিবলৈ পোৱা যাব। আনহাতে, নির্বাচনী প্ৰচাৰৰ পৰিপ্ৰেক্ষিতত অহা ২৬ এপ্ৰিল, ৭, ১৩, ২০ আৰু ২৫ মে’ তথা ১ জুনৰ নিশা ৯ বাজি ২৫ মিনিটৰ আঞ্চলিক বাতৰি নিশা ৯ বাজি ১০ মিনিটত প্ৰচাৰ কৰা হ’ব।
Site Admin | April 21, 2024 1:09 PM | AKASHVANI GUWAHATI NEWS
২৬ এপ্ৰিল আৰু ৭ মে’ত দুপৰীয়া ১.২০ মিনিট আৰু সন্ধিয়া ৭ .২০ মিনিটত আকাশবাণী গুৱাহাটীৰ বিশেষ নিৰ্বাচনী অনুষ্ঠান
