২৬ এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ ভোটগ্রহণৰ বাবে দেশৰ ৮৮ টা সংসদীয় সমষ্টিত ১,১৯৮ গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা

অহা ২৬ এপ্ৰিলত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ ভোটগ্রহণৰ বাবে দেশৰ ৮৮ টা সংসদীয় সমষ্টিত ১,১৯৮ গৰাকীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। দ্বিতীয় পৰ্যায়ত অসমত ৬১ গৰাকী প্ৰাৰ্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। কৰিমগঞ্জত ২৪, নগাওঁত ১৩, দৰং-ওদালগুৰিত ১১, শিলচৰত ৮ আৰু ডিফুত ৫ গৰাকী প্ৰাৰ্থী প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। এই পৰ্যায়ত ৰাজ্যখনৰ দৰং-ওদালগুৰি সমষ্টিত এন ডি এৰ প্ৰাৰ্থী তথা সাংসদ দিলীপ শ‍ইকীয়া, কংগ্ৰেছৰ মাধৱ ৰাজবংশী আৰু বিপিএফৰ দুৰ্গাদাস বড়োয়ে প্রতিদ্বন্দিতা আগবঢ়াইছে। ইপিনে, শিলচৰত বিজেপি মিত্ৰজোঁটৰ পৰিমল শুক্লবৈদ্য, তৃণমূল কংগ্ৰেছৰ ৰাধাশ্যাম বিশ্বাস আৰু কংগ্ৰেছ দলৰ সূৰ্য্যকান্ত সৰকাৰে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। কৰিমগঞ্জত বিজেপি মিত্ৰজোঁটৰ কৃপানাথ মাল্লা, কংগ্ৰেছৰ হাফিজ ৰছিদ চৌধুৰী আৰু এ আই ইউ ডি এফৰ চাহাবুল ইছলাম চৌধুৰীয়ে প্রতিদ্বন্দিতা কৰিছে। নগাঁও সমষ্টিত বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী সুৰেশ বৰাৰ বিপৰীতে কংগ্ৰেছ দলৰ প্ৰদ্যুত বৰদলৈ আৰু এ আই ইউ ডি এফৰ আমিনুল ইছলামে প্রতিদ্বন্দিতা কৰিছে। অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত ডিফু সমষ্টিত বিজেপি মিত্ৰজোটৰ হৈ অমৰ সিং টিছ’, কংগ্ৰেছৰ জয়ৰাম ইংলেং আৰু গণ সুৰক্ষা পাৰ্টীৰ জন বার্নার্ড চাংমাই প্রতিদ্বন্দ্বিতা কৰিছে। উল্লেখযোগ্য যে সমগ্ৰ দেশত দ্বিতীয় পৰ্যায়ত নিৰ্বাচনত অৱতীৰ্ণ হবলগীয়া প্ৰাৰ্থীসকলৰ ভিতৰত সামগ্ৰিকভাৱে ৮.৬ শতাংশ মহিলা প্রার্থী আছে। এই পর্যায়ত অসম আৰু ত্ৰিপুৰাত দুগৰাকীকৈ মহিলা প্রার্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াবইছে বুলি জানিব পৰা গৈছে। প্রথম পৰ্যায়ৰ নিৰ্বাচনত প্ৰাৰ্থীসকলৰ ভিতৰত মহিলা প্রার্থী ৮.২ শতাংশ আছিল। দ্বিতীয় পৰ্যায়ত কেৰালাত সৰ্বাধিক ২৫ গৰাকী মহিলা প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। আনহাতে, কর্ণাটকত ২১ গৰাকী আৰু উত্তৰ প্ৰদেশত ১০ গৰাকী প্ৰাৰ্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে।

অধিক পঢ়ক

সকলো চাওক