September 22, 2024 11:13 AM | j&k election 2nd phase

printer

২৫ ছেপ্তেম্বৰত জম্মু-কাশ্মীৰ বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন

জম্মু-কাশ্মীৰ বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অহা ২৫ ছেপ্তেম্বৰত অনুষ্ঠিত হ’ব। এই পৰ্যায়ত ২৬ খন আসনৰ বাবে ভোটগ্ৰহণ কৰা হ’ব। ইপিনে মুখ্য নির্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ নেতৃত্বত নিৰ্বাচন আয়োগৰ এটা দলে ঝাৰখণ্ডৰ এই বছৰতে হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি সম্পৰ্কে পর্যালোচনা কৰিবলৈ কাইলৈৰ পৰা দুদিনীয়া ৰাঁচি ভ্ৰমণ কৰিব। ৰাজ্যিক মুখ্য নির্বাচনী বিষয়া কে ৰবি কুমাৰে কৈছে যে নিৰ্বাচনৰ আয়োগৰ দলটোৱে ৰাঁচিত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলক সাক্ষাৎ‍ কৰিব তেওঁলোকে মুখ্য নির্বাচনী বিষয়া, ৰাজ্যিক আৰক্ষীৰ ন’ডেল বিষয়া আৰু কেন্দ্ৰীয় বাহিনীসমূহৰ সমন্বয়ক সাক্ষাৎ কৰি নিৰ্বাচনী প্রস্তুতিৰ পৰ্যালোচনা চলাব। নির্বাচনী আয়োগৰ দলটোৱে লগে জিলা নির্বাচনী বিষয়া আৰু সকলো জিলাৰ আৰক্ষী অধীক্ষকসকলৰ লগতে মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ সৈতেও নিৰ্বাচনৰ প্ৰস্তুতি সম্পর্কে আলোচনা কৰিব।

অধিক পঢ়ক

সকলো চাওক