প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এডভান্টেজ আছাম দ্বিতীয় সংস্কৰণ আৰু ঝুমইৰ বিনন্দিনী অনুষ্ঠানত অংশগ্ৰহণৰ বাবে অহা ২৪ ফেব্ৰুৱাৰীত গুৱাহাটীত উপস্থিত হ’ব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত অনুষ্ঠিত সংবাদমেলত এইকথা প্ৰকাশ কৰি কয়, যে প্রধানমন্ত্ৰীগৰাকীয়ে ২৫ ফেব্ৰুৱাৰীত বিনিয়োগ সন্মিলনখন উদ্বোধন কৰিব। প্রধানমন্ত্ৰীয়ে ২৪ ফেব্ৰুৱাৰীত সৰুসজাই ষ্টেডিয়ামত হ’বলগীয়া ঝুমইৰ বিনন্দিনী অনুষ্ঠানত ঝুমুৰ নৃত্য উপভোগ কৰাৰ পাছত সেইদিনাই তেওঁ দুখন জনগোষ্ঠীয় প্রদর্শনীত উপস্থিত থাকিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। সংবাদমেলত ৬০ শর্মাই কয়, যে কাইলৈৰ পৰা তিনিদিনৰ বাবে সৰুসজাইত ঝুমুৰৰ আখৰা অনুষ্ঠিত হ’ব। আখৰাৰ বাবে ইতিমধ্যে বিভিন্ন জিলাৰ পৰা অহা শিল্পীৰ দল গুৱাহাটীত উপস্থিত হৈছে। ২৩ ফেব্ৰুৱাৰীৰ সন্ধিয়া ঝুমুৰৰ অন্তিম আখৰা অনুষ্ঠিত হ’ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তেওঁ কয়, যে ঝুমুৰৰ অন্তিম আখৰা চাবলৈ সাধাৰণ লোকক অনুমতি দিয়া হৈছে। ইয়াৰ বাবে কোনো প্রৱেশ পত্ৰৰ প্ৰয়োজন নহয় বুলি তেওঁ মন্তব্য কৰে। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী এছ জয়শংকৰৰ নেতৃত্বত ৫১ খন দেশৰ ৰাষ্ট্ৰদূতৰ প্ৰতিনিধি কাজিৰঙালৈ আহিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয়, যে ২৩ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰদূতৰ প্ৰতিনিধিসকলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰাৰ লগতে ২৪ ফেব্ৰুৱাৰীত ঝুমইৰ বিনন্দিনী অনুষ্ঠানত উপস্থিত থাকিব। ৰাষ্টদূতৰ প্ৰতিনিধিসকলে এডভান্টেজ আছামৰ কাৰ্যসূচীতো অংশগ্ৰহণ কৰিব।
অষ্ট্ৰেলিয়াৰ পৰ্যটকসকল অহাৰ ক্ষেত্ৰত যি বাধা আছিল সেয়া আঁতৰিল উল্লেখ কৰি বুলি মুখ্যমন্ত্ৰী শৰ্মাই কয়, যে অষ্ট্ৰেলিয়াৰ পৰ্যটকসকলক তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ বাহিৰে ৰাজ্যখনৰ যিকোনো স্থানতে যোৱাৰ বাবে অনুমতি দিয়া হৈছে। উল্লেখযোগ্য যে এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত অসমৰ দুগৰাকী উদ্যোগপতি অভিজিৎ বৰুৱা আৰু অনুপম ডেকাই ভাষণ দিয়াৰ সুযোগ লাভ কৰিছে।