ৰাজ্য চৰকাৰৰ উদ্যোগত অহা ২৪ ফেব্ৰুৱাৰীত গুৱাহাটীত ৭,৫০০ৰো অধিক শিল্পীৰ অংশগ্রহণেৰে সৰ্ববৃহৎ ঝুমুৰ নৃত্য প্ৰদৰ্শনৰ আয়োজন কৰা হৈছে। মন্ত্ৰী কেশৱ মহন্তই কলিয়াবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত চাহবাগিছাসূহৰ পৰা অংশগ্ৰহণ কৰিবলগীয়া নৃত্য শিল্পীসকলৰ ব্যৱস্থাপনা সন্দৰ্ভত কলিয়াবৰ সমজিলা প্রশাসন, গাঁও পঞ্চায়তসমূহৰ সচিব আৰু প্ৰশিক্ষকসকলৰ সৈতে আলোচনাত মিলিত হয়। নৃত্য প্রদর্শন অনুষ্ঠানত অংশগ্ৰহণৰ ক্ষেত্ৰত বাছনিৰ বাবে পঞ্জীয়ন, বাছনিভুক্তসকলৰ প্ৰশিক্ষণ আদি বিভিন্ন দিশ সন্দৰ্ভত তেওঁ পৰামৰ্শ আগবঢ়ায়। এডভাণ্টেজ আছামৰ প্ৰাকক্ষণত ঝুমুৰ নৃত্য শিল্পীসকলৰ প্ৰদৰ্শনেৰে সমগ্ৰ বিশ্ব মন্ত্রমুগ্ধ কৰিব বুলি তেওঁ আশা প্রকাশ কৰিছে।
Site Admin | January 19, 2025 7:21 PM | ghy jhumur record