ইণ্ডিয়ান প্রীমিয়াৰ লীগ, আই পি এল ক্রিকেট প্রতিযোগিতাৰ ২০২৫ বৰ্ষৰ সংস্কৰণৰ বাবে অহা ২৪ আৰু ২৫ নৱেম্বৰত চৌদি আৰবত নীলাম প্ৰক্ৰিয়া অনুষ্ঠিত হ’ব। ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ বি চি চি আয়ে কালি এই কথা সদৰি কৰে। এইবাৰ একেৰাহে দ্বিতীয়বাৰৰ বাবে আই পি এলৰ নীলাম বিদেশত অনুষ্ঠিত হ’ব। ২০২৪ বছৰৰ আই পি এলৰ নীলাম ডুবাইত অনুষ্ঠিত হৈছিল। এইবাৰ এহেজাৰ ১৬৫ গৰাকী ভাৰতীয় আৰু ৪০৯ গৰাকী বিদেশী খেলুৱৈ সহ মুঠ এহেজাৰ ৫৭৪ গৰাকী খেলুৱৈয়ে নীলামৰ বাবে সন্মতি প্ৰকাশ কৰিছে। প্ৰতিটো দলত ৰিটেন কৰা খেলুৱৈসহ সৰ্বাধিক ২৫ গৰাকী খেলুৱৈক চুক্তিবদ্ধ কৰিব পৰা যাব। নীলামৰ বাবে মুঠ ২০৪টা শট উপলব্ধ হ’ব।
Site Admin | November 6, 2024 8:07 PM | IPL Auction
২৪ আৰু ২৫ নৱেম্বৰত চৌদি আৰবত আই পি এলৰ নীলাম
