কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে অহা ২১ ডিচেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত আয়োজিত এটা অনুষ্ঠানত ভাৰতীয় ৰে’লৱেলৈ আগবঢ়োৱা ব্যতিক্রমী সেৱাৰ বাবে ১০১ গৰাকী বিষয়া আৰু কৰ্মচাৰীক অতি বিশিষ্ট ৰে’ল সেৱা পদক প্ৰদান কৰিব। ইয়াৰ ভিতৰত ১৫ গৰাকী কৰ্মচাৰীক উদ্ভাৱণ, ৰে’লৱেৰ ৰাজহ বৃদ্ধি, উৎপাদনশীলতাৰ বিকাশ, আমদানিৰ ওপৰত থকা নিৰ্ভৰশীলতা হ্ৰাস আৰু থলুৱা প্ৰযুক্তিৰ ব্যৱহাৰৰ প্ৰসাৰৰ বাবে চলোৱা বিশেষ প্ৰচেষ্টাৰ বাবে পুৰষ্কিত কৰা হ’ব। আন বিষয়া তথা কৰ্মচাৰীসকলক ৰে’লৱেৰ সম্পত্তি আৰু জীৱন সুৰক্ষিত কৰি ৰখাৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা অসাধাৰণ সাহসিকতা, টিকট বিহীন ভ্ৰমণ আৰু ৰাজহ চুৰি ৰোধ কৰা, ৰে’ল সেৱা পৰিচালনা কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা ব্যতিক্ৰমী অৱদান আৰু বিভিন্ন প্রকল্প অভিলেখ সময়ত সম্পূৰ্ণ কৰাৰ বাবে এই পদক প্ৰদান কৰা হ’ব। ইয়াৰ উপৰি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্রীড়া প্রতিযোগিতাত অৰ্জন কৰা কৃতিত্বৰ বাবে দুগৰাকী ক্রীড়াবিদকো একেটা অনুষ্ঠানতে পদক প্ৰদান কৰা হ’ব ।
Site Admin | December 17, 2024 11:18 AM | Indian Railway