June 26, 2024 8:50 PM | DRUGS SEIZED

printer

২,১০০ কোটিতকৈও অধিক টকা মূল্যৰ মাদক দ্ৰৱ্য জব্দ অসম চৰকাৰৰ

অসম চৰকাৰে মাদক দ্ৰব্যৰ বিৰুদ্ধে গ্ৰহণ কৰা কঠোৰ স্থিতি অক্ষুণ্ণ ৰাখি ২হেজাৰ ১০০ কোটিতকৈও অধিক টকা মূল্যৰ মাদক দ্ৰৱ্য জব্দ কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি আন্তঃৰাষ্ট্ৰীয় মাদক দ্ৰব্য আৰু নিচাযুক্ত সামগ্ৰী সৰবৰাহ বিৰোধী দিৱসৰ পৰিপ্ৰেক্ষিতত এই কথা উল্লেখ কৰি কয় যে ৰাজ্যখন মাদক দ্রব্য মুক্ত কৰাৰ দিশত চৰকাৰে লক্ষ্য স্থিৰ কৰিছে। ভৱিষ্যতৰ অসমখনক যাতে নতুন প্ৰজন্মই মাদক দ্ৰব্যৰ আসক্তিৰ পৰা মুক্ত হৈ সুস্থ জীৱন লাভ কৰিব পাৰে তাৰ বাবে এই প্ৰচেষ্টা লোৱা হৈছে বুলি তেওঁ মন্তব্য কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে এই প্ৰচেষ্টাৰ দ্বাৰা অসমক মাদক দ্রব্য মুক্ত কৰাই নহয় সমগ্ৰ দেশক মাদক দ্ৰব্যৰ পৰা মুক্ত কৰিবলৈ বৃহৎ প্ৰচেষ্টাত অৰিহণা যোগোৱা হ’ব। ইফালে, আৰক্ষীৰ বিশেষ টাস্ক ফৰ্চ আৰু কাছাৰ আৰক্ষীয়ে শিলচৰত এখন বাহনৰ পৰা ৯০০ গ্রাম হেৰইন জব্দ কৰিছে। জব্দ কৰা হেৰ’ইনখিনিৰ মূল্য চাৰে ৪ লাখ টকাৰো অধিক হ’ব বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে।

অধিক পঢ়ক

সকলো চাওক