ডাউনলোড
মোবাইল এপ

android apple
signal

২০ মে’ত ভোটগ্রহণ হ’বলগীয়া ৪৯টা সমষ্টিৰ বাবে শাসক-বিৰোধীৰ তীব্ৰ প্ৰচাৰ অভিযান

লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত অহা ২০ মে’ত ভোটগ্রহণ হ’বলগীয়া ৪৯টা সমষ্টিৰ ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে ৰাজনৈতিক দলৰ নেতাসকলে অন্তিম প্রয়াস চলাইছে। ইফালে, ষষ্ঠ পৰ্যায়ত ২৫ মে’ত আৰু সপ্তম পৰ্যায়ত অহা ১ জুনত ৫৭ টাকৈ সমষ্টিত হ’বলগীয়া নিৰ্বাচনৰ বাবে ব্যাপক প্ৰচাৰ তীব্ৰতৰ হৈ উঠিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি একেৰাহে দ্বিতীয় দিনৰ বাবে উত্তৰ প্ৰদেশত প্ৰচাৰ অভিযানত ভাগ ল’ব। শ্রীমোদীয়ে আজি বাৰাবাংকী, ফতেহপুৰ আৰু হামিৰপুৰত ৩ খন নির্বাচনী সভাত ভাষণ দিব। একেদৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী তথা বিজেপি নেতা যোগী আদিত্য নাথে বলৰামপুৰ, বাৰাবাংকী, লক্ষ্ণৌ আৰু অযোধ্যাত দলৰ হকে প্ৰচাৰ চলাব। ইফালে, কংগ্ৰেছ নেতা ৰাহুল গান্ধী, ছোনিয়া গান্ধী আৰু প্ৰিয়ংকা গান্ধী ৱাদ্রাই সমাজবাদী পাৰ্টীৰ মুৰববী অখিলেশ যাদৱৰ সৈতে ৰায়বেৰেলীত এখন নির্বাচনী সভাক যৌথভাৱে সম্বোধন কৰিব। এ আই এম আই এমৰ মুৰববী আছাদুদ্দিন ওৱেচিয়ে আজি অপনা দল কামেৰৱাড়ীৰ সভাপতি পল্লৱী পেটেলৰ সৈতে কৌচাম্বি জিলাত এটা নির্বাচনী সমাৱেশত ভাগ ল’ব।

ইফালে আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱালে আজি অমৃতসৰৰ পৰা দলৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান আৰম্ভ কৰিব। অমৃতসৰত শ্ৰীকেজৰিৱালে পাঞ্জাৱৰ মুখ্যমন্ত্রী ভগৱন্ত সিং মানৰ সৈতে এটা ৰোড শ্বত ভাগ ল’ব।

ওড়িশাতো লোকসভা নিৰ্বাচনৰ সমান্তৰালভালে বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে। বিজেপি, কংগ্ৰেছ আৰু বিজেডিৰ জ্যেষ্ঠ নেতাসকলে দলীয় প্রার্থীৰ হকে ভোটদাতাৰ মন জয় কৰাৰ বাবে ৰাজ্যখনৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই কালি ভুৱনেশ্বৰত এটা ৰোড শ্বত অংশগ্ৰহণ কৰে আৰু সুন্দেগড় তথা বাড়গড় লোকসভা সমষ্টিত দুখন নির্বাচনী সভাত ভাষণ দিছে। বিজেডিৰ মুৰববী তথা ওড়িশাৰ মুখ্যন্তী নবীন পাটনায়কেও কালি ভূৱনেশ্বৰত এটা ৰোড শ্বত ভাগ লয়। অসমৰ মুখ্যমন্ত্ৰী ডº হিমন্ত বিশ্ব শৰ্মাইও কালিৰ দিনটোত ওড়িশাত বিজেপি মিত্ৰজোঁটৰ হৈ চাৰিখন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। লোকসভা আৰু ওড়িশাত বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী ডº শৰ্মাই বিজেপিক ভোট দিবলৈ আহ্বান জনায়। প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে ওড়িশাত বিজেপি মিত্ৰজোঁটৰ নিৰ্বাচনী ফলাফলক লৈ যথেষ্ট আশাবাদী বুলি মন্তব্য কৰি আই এন ডি আই এলায়েন্সক সমালোচোনা কৰে। ওড়িশাৰ ন্যায় শান্তি প্রগতিৰ বাবে ৰাজ্যখনত এইবাৰ বিজেপি চৰকাৰ প্ৰতিষ্ঠা কৰিব লাগিব বুলি ডº শৰ্মাই লোকসভা নিৰ্বাচনত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ৪০০ৰো অধিক আসনত বিজয়ী কৰাই শ্রীমোডীক পুনৰ দেশৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত কৰিব লাগিব বুলি উল্লেখ কৰে। কংগ্ৰেছে কাশ্মীৰক দ্বিখণ্ডিত কৰা বুলি অভিযোগ তুলি শ্ৰীশৰ্মাই কয় যে এইবাৰ প্ৰধানমন্ত্ৰী মোডীয়ে পাকিস্তানৰ দখলত থকা কাশ্মীৰ ভাৰতলৈ আনিব। ইফালে নবীন পার্টনায়ক নেতৃত্বাধীন বৰ্তমানৰ ওড়িশা ৰাজ্য চৰকাৰখনৰ শাসনকালত ব্যাপক দুর্নীতি, অনিয়ম, অৰাজকতা চলি থকাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে জগন্নাথ মন্দিৰৰ ৰত্ন ভাণ্ডাৰৰ চাবি অন্তৰ্ধান হৈছে। ফলত প্রত্যেক তিনি বছৰত ৰত্ন ভাণ্ডাৰৰ হিচাপ হ’ব লাগে যদিও চাবি অন্তর্ধান হোৱা বাবে হিচাপ পোৱা নাই। ওড়িশাৰ সমীপৱৰ্ত্তী চণ্ডীশগড়ৰ কৃষকে প্রতি কুইণ্টল ধানৰ ন্যূনতম সমৰ্থিত মূল্য ৩ হাজাৰ ১০০ টকা লোৱাৰ বিৰপীতে ওড়িশাৰ কৃষকে যথেষ্ট কমকৈ পোৱাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰী ডº শৰ্মাই বিজেপিয়ে চৰকাৰ গঠন কৰিলে ওড়িশাৰ কৃষকেও প্রতি কুইণ্টল ধানৰ বিপৰীতে ৩ হাজাৰ ১০০ টকা পাব বুলি কয়। তদুপৰি এইবাৰ ওড়িশাত বিজেপিয়ে চৰকাৰ গঠন কৰিলেই ৰাজ্যখনৰ কমেও ৩ লাখ লোকক চৰকাৰী খৰচত ৰাম মন্দিৰলৈ নিয়াৰ ব্যৱস্থা কৰা হ’ব বুলি প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ডº শৰ্মাই আজিও বিজেপি মিত্ৰজোঁটৰ হৈ কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব । ইপিনে, কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খার্গেই কালি ভূৱনেশ্বৰত এখন সংবাদমেল সম্বোধন কৰে আৰু বি জে ডি চৰকাৰে ৰাজ্যখনৰ যুৱক-যুৱতীসকলক কৰ্মসংস্থাপনৰ সুযোগ প্ৰদান কৰাত ব্যৰ্থ হোৱা বুলি অভিযোগ তোলে।

একেদৰে, মহাৰাষ্ট্ৰতো প্ৰচাৰ অভিযান তুংগত উঠিছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী একনাথ সিংন্দেই কালি নাছিকত দলৰ হকে প্ৰচাৰ চলায় ৷ আনহাতে ধুলেৰ কংগ্ৰেছ প্ৰাৰ্থীৰ হকে প্ৰচাৰ চলাই এন চি পি শাৰদ পাৱাৰ গোটৰ মুৰববী শাৰদ পাৱাৰে কয় যে, জনসাধাৰণে ৰাজনৈতিক পৰিৱৰ্তন বিচাৰিছে আৰু মহাবিকাশ অঘৰী মিত্ৰজোঁটৰ হকে অনুকূল বাতাবৰণ সৃষ্টি হৈছে।

অধিক পঢ়ক

সকলো চাওক