ডাউনলোড
মোবাইল এপ

android apple
signal

April 26, 2024 12:19 PM | Asian U-20

printer

২০ বছৰৰ অনুৰ্ধৰ এছিয় এথলেটিকছত একতা দে, ৰণবীৰ সিঙৰ স্বর্ণ পদক লাভ

ভাৰতীয় এথলীটসকলে ডুবাইত অনুষ্ঠিত ২০ বছৰৰ অনুৰ্ধৰ এছিয় এথলেটিকছৰ কালি দ্বিতীয় দিনা পুৰুষ আৰু মহিলাৰ ৩ হাজাৰ মিটাৰ ষ্টিপলচেছ শিতানত আধিপত্য বিস্তাৰ কৰে আৰু স্বর্ণ পদকৰ সংখ্যা ৩ লৈ বৃদ্ধি কৰে। দেশৰ হৈ একতা দেই মহিলাৰ ৩ হাজাৰ মিটাৰ পিলচেছত ১০ মিনিট ৩১. ৯-২ ছেকেণ্ডেৰে সোণৰ পদক অর্জন কৰাৰ বিপৰীতে পুৰুষৰ শিতানত ৰণবীৰ সিঙে ৯ মিনিট ২২. ৬-২ ছেকেণ্ডেৰে সোণৰ পদক হস্তগত কৰে। ইয়াৰ পূৰ্বে অনুৰাগ সিং কলেৰে পুৰুষৰ শ্বট পুট শিতানত স্বর্ণ পদক লাভ কৰিছিল।

ভাৰতীয় এথলীটসকলে কালি প্রতিযোগিতাত মুঠ ৭টা পদক লাভ কৰে। পুৱাৰ ভাগত আৰতিয়ে মহিলাৰ ১০ হাজাৰ মিটাৰ বেগাই খোজ কড়া প্রতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰে। পাছত থ্রৱাৰ্ছ দলে স্বর্ণসহ তিনিটা পদক হস্তগত কৰে। যোৱা বাৰৰ চেম্পিয়ন সিদ্ধার্থ চৌধৰীয়ে দ্বিতীয় প্রয়াসত ১৯ দশমিক ০-২ মিটাৰ থ্রৰে ব্ৰঞ্জৰ পদক লাভ কৰে। একেদৰে, অমানত কম্বোজে ৰূপৰ পদক হস্তগত কৰে। অমন চৌধুৰীয়ে পুৰুষৰ ৪০০ মিটাৰত ৪৭ দশমিক ৫-৩ ছেকেণ্ডেৰে ব্ৰঞ্জৰ পদক লাভ কৰিছে।

অধিক পঢ়ক

সকলো চাওক