মহাৰাষ্ট্ৰ বিধানসভা নির্বাচন অহা ২০ নৱেম্বৰত অনুষ্ঠিত হ’ব। এই নিৰ্বাচনত ৰাজ্যখনৰ ২৮৮খন আসনৰ বাবে ৪,১৩৬গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ইয়াৰে ৩,৭৭১গৰাকী হৈছে পুৰুষ প্ৰাৰ্থী আৰু ৩৬৩ গৰাকী হৈছে মহিলা প্ৰাৰ্থী। মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনত মহিলাৰ অংশগ্ৰহণৰ গৌৰৱময় ইতিহাসৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰৰ নিৰ্বাচনতো মহিলা প্ৰতিনিধিৰ বিষয়টোৱে বিশেষ গুৰুত্ব লাভ কৰিছে। ১৯৫৭ চনৰ ৰাজ্যখনত বিধানসভা নিৰ্বাচনৰ আৰম্ভণিৰে পৰা এতিয়ালৈকে ৪৬১গৰাকী মহিলা নিৰ্বাচিত হৈছে আৰু তেওঁলোকে ৰাজ্যখনৰ ৰাজনৈতিক প্ৰেক্ষাপটত গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়াইছে। ইফালে, সমাগত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ বিভিন্ন ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ তুংগত উঠিছে। জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্রীয় মন্ত্রী নীতিন গাডকাৰীয়ে আজি নাচিকৰ চাটানাৰ এটা সমদলত অংশগ্ৰহণ কৰি কয় যে বিগত ১০ বছৰত এন ডি এ চৰকাৰে গাঁও, পিছপৰা অঞ্চল, শ্ৰমিক আৰু কৃষকসকলৰ কল্যাণৰ বাবে ভালেমান নতুন আঁচনি আৰু পদক্ষেপ ৰূপায়ণ কৰিছে। মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাবিছে আজি নাগপুৰত এটা বৃহৎ ৰোড শ্বত ভাগ লয়। আনহাতে, এন চি পিৰ মুৰববী শাৰদ পাৱাৰে চোলাপুৰাত এটা সমদলত অংশগ্ৰহণ কৰি কয় যে দেশত আই এন ডি আই মিত্রজোঁট ক্ষমতালৈ আহিব নোৱাৰিলে যদিও এই মিত্রজোঁটে মহাৰাষ্ট্ৰৰ ৪৮খন আসনৰ ৩১খনতে জয়লাভ কৰিলে। এই জয়ে মিত্ৰজোঁটক ৰাজ্যখনৰ জনসাধাৰণে সন্মুখীন হোৱা বিভিন্ন সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত উৎসাহ যোগাইছে বুলিও শ্রীপাৱাৰে মন্তব্য কৰে। শিৱসেনা ইউ বি টিৰ মুৰববীয়ে আজি চাটাৰাৰ পাটানত এটা ৰেলীত ভাগ লয়।
Site Admin | November 17, 2024 8:20 PM | Maharashtra Assembly Election