২০৪৭ চনৰ ভিতৰত ভাৰতৰ ভৱিষ্যত গঢ় দিয়াৰ বাবে আন্তঃগাঁথনি, উৎপাদনশীলতা, আইন সংস্কাৰ আৰু সৰ্বাত্মক বিকাশে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। পুনেৰ গোখলে অর্থনৈতিক প্রতিষ্ঠানত আয়োজিত পুনে ৰাজহুৱা নীতি উৎসৱত ভাগ লৈ কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কালি এইদৰে প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীযে বিকশিত ভাৰতৰ চাৰিটা স্তম্ভৰ বিষয়ে আলোকপাত কৰাৰ লগতে দূৰ সংযোগ খণ্ডৰ বিকাশৰ বাবে কেন্দ্ৰীয় চৰকাৰে লোৱা পদক্ষেপৰ কথাও উল্লেখ কৰে। এই দুদিনীয়া উৎসৱত বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞৰ লগতে উদ্যোগী, ছাত্ৰ-ছাত্ৰী আৰু বিভিন্ন পেছাৰ সৈতে জড়িত লোকে অংশগ্রহণ কৰিছে।
Site Admin | January 12, 2025 11:04 AM | Ashwini Baishnav