২০৪৭ চনৰ পূৰ্বে বিকশিত ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰিবলৈ সকলো চৰকাৰী বিভাগৰ উপৰি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সামূহিক প্ৰচেষ্টাৰ প্ৰয়োজনৰ ওপৰত বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ড০ জীতেন্দ্ৰ সিঙে গুৰুত্ব আৰোপ কৰিছে। আজি নতুন দিল্লীত বিজ্ঞান মন্ত্ৰ্যালয় আৰু বিভাগসমূহৰ সচিবসকলৰ মন্ত্ৰ্যালয় পৰ্যায়ৰ মাহেকীয়া যুটীয়া বৈঠকত অধ্যক্ষতা কৰি দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ত নিৰ্ধাৰিত লক্ষ্যত উপনীত হোৱাৰ বাবে ৰাজ্যিক বিজ্ঞান পৰিষদসমূহৰ উদ্ভাৱনমূলক কার্যকলাপ ত্বৰান্বিত কৰি আঞ্চলিক পৰ্যায়ৰ উন্নয়নৰ পোষকতা কৰে। তেওঁ জনসাধাৰণৰ মাজত বিজ্ঞান মানসিকতা গঢ় দিয়াৰ উপৰি তৃণমূল পৰ্যায়ত উদ্ভাৱনৰ বিকাশ আৰু নিত্য নতুন প্ৰত্যাহ্বান গ্ৰহণৰ বাবে স্থানীয় পৰ্যায়তে মোকাবিলা কৰাৰ বাবে ৰাজ্যসমূহক অনুঘটক হিচাপে কাম কৰাৰ বাবে আহ্বান জনায়।
Site Admin | December 15, 2024 8:52 PM | Dr. Jitendra Singh
২০৪৭ চনৰ পূৰ্বে বিকশিত ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰিবলৈ সকলো চৰকাৰী বিভাগৰ উপৰি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সামুহিক প্ৰচেষ্টাৰ প্ৰয়োজনঃ ড০ জীতেন্দ্ৰ সিঙ
