সংসদৰ বাজেট অধিবেশনে ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্য প্রাপ্তিৰ ক্ষেত্ৰত নতুন আত্মবিশ্বাস আৰু শক্তিৰ সঞ্চাৰ কৰিব। সংসদৰ বাজেট অধিবেশনৰ পূৰ্বে আজি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ২০৪৭ চনত যেতিয়া ভাৰতে স্বাধীনতা লাভ কৰাৰ ১০০ বছৰ সম্পূৰ্ণ হ’ব তেতিয়া বিকশিত ভাৰতৰ লক্ষ্যও প্রাপ্তি হ’ব। তেওঁ কয় যে জনসাধাৰণে তেওঁৰ চৰকাৰক তৃতীয়বাৰৰ বাবে দেশৰ শাসনভাৰ গ্ৰহণৰ দায়িত্ব দিছে আৰু এয়া হ’ব তেওঁৰ তৃতীয়টো শাসনকালৰ প্ৰথমখন সম্পূর্ণ বাজেট। তেওঁ লগতে কয় যে দেশে গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে ৭৫ বছৰ সম্পূৰ্ণ কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এখন গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰ হিচাপে স্বীকৃত হোৱাটো অতি গৌৰৱৰ বিষয়। প্রধানমন্ত্ৰীয়ে উল্লেখ কৰে যে প্ৰতি বাৰৰ দৰে এইবাৰৰ বাজেট অধিবেশনত বহু গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হ’ব।
Site Admin | January 31, 2025 3:43 PM | Modi | narendra modi
২০৪৭ চনত যেতিয়া ভাৰতে স্বাধীনতা লাভ কৰাৰ ১০০ বছৰ সম্পূৰ্ণ হ’ব তেতিয়া বিকশিত ভাৰতৰ লক্ষ্যও প্রাপ্তি হ’বঃ মোদী
