২০৩০ বৰ্ষৰ ভিতৰত ৰাজ্যত ৩ হাজাৰ মেগাৱাট সৌৰশক্তি উৎপাদন সম্ভৱ হ’বঃ মুখ্যমন্ত্ৰী

নামৰূপত কালি ২৫ মেগাৱাট সৌৰশক্তি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি ড০ হিমন্ত বিশ্ব শৰ্মাই ২০৩০ বৰ্ষৰ ভিতৰত ৰাজ্যত ৩ হাজাৰ মেগাৱাট সৌৰশক্তি উৎপাদন সম্ভৱ হ’ব বুলি আশা প্ৰকাশ কৰে। লগতে তেওঁ কয় যে, অসম দেশৰ ভিতৰত এখন সৌৰশক্তি উৎপাদনকাৰী অগ্ৰণী ৰাজ্যলৈ ৰূপান্তৰিত হোৱাৰ দিশে আগবাঢ়িছে। সৌৰশক্তি উৎপাদনৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা আটাইবোৰ প্ৰচেষ্টা সফল হ’লে ৰাজ্যখনে ৩ হাজাৰ ৬৪৫ মেগাৱাট সৌৰশক্তি উৎপাদন কৰিবলৈ সক্ষম হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। কালি আধাৰশিলা স্থাপন হোৱা নামৰূপৰ ২৫ মেগাৱাট ক্ষমতা সম্পন্ন সৌৰশক্তি প্ৰকল্পটো নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰৰ লগতে অইল ইণ্ডিয়া লিমিটেডে সমপৰিমাণৰ পুঁজি ব্যয় কৰিব বুলিও মুখ্যমন্ত্ৰী শৰ্মাই প্ৰকাশ কৰে।

লগতে তেওঁ কয় যে, বৰ্তমান ৰাজ্যত ৭টাকৈ সৌৰশক্তি প্রকল্প স্থাপন কৰা হৈছে। শিৱসাগৰ জিলাৰ আমগুৰি, ওদালগুৰি, কামৰূপ জিলাৰ বকো, কাছাৰ জিলাৰ শিলচৰ, নগাঁও জিলাৰ চামগুৰিত স্থাপন কৰা এই প্রকল্পসমূহৰ জৰিয়ে ৰাজ্যত ১৭৫ মেগাৱাট সৌৰশক্তি উৎপাদন কৰি থকা হৈছে। শোণিতপুৰ জিলাৰ বৰচলা আৰু ধুবুৰী জিলাৰ খুদিগাঁও প্রকল্প স্থাপনৰ প্ৰক্ৰিয়া অব্যাহত থকাৰ লগতে কিছুদিনৰ ভিতৰতেই কাৰ্বি আংলঙত এহেজাৰ মেগাৱাট সৌৰশক্তি প্রকল্প নিৰ্মাণৰ কাম আৰম্ভ কৰা হ’ব। আনহাতে ১২০ মেগাৱাট ক্ষমতাসম্পন্ন নামনি-কপিলী জলবিদ্যুৎ প্রকল্পটোত সৌৰশক্তি উৎপাদন হ’ব। এই প্রকল্পসমূহৰ জৰিয়তে ২০৩০ চনৰ ভিতৰত ৰাজ্যত প্ৰায় ৩ হাজাৰ মেগাৱাট সৌৰশক্তি উৎপাদন কৰিব পৰা যাব বুলি তেওঁ প্ৰকাশ কৰে। ইপিনে এই অনুষ্ঠানতে মুখ্যমন্ত্রী ৬০ শর্মাই প্রধানমন্ত্রী সূৰ্য ঘৰ আঁচনিখনৰ বিষয়ে ইতিবাচক দিশসমূহৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি চৰকাৰে বিভিন্ন আঁচনি ৰূপায়ণৰ উদ্দেশ্যে ইতিমধ্যে কাম-কাজ আৰম্ভ কৰিছে। তেওঁ এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে এই আঁচনিৰ অধীনত যুৱক-যুৱতীসককলক ১ লাখ টকাৰ ঋণ তথা ১ লাখ টকাৰ ৰাজসাহায্য প্ৰদান কৰা হ’ব। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিষ্ঠানটোৰ বিষয়া-কৰ্মচাৰীসকলৰ সৈতে মত-বিনিময় কৰে। ড০ শৰ্মাই কয় যে, এইবাৰ মহাবিদ্যালয়ত নামভৰ্তি কৰা যুৱতীসকলক ১০ হাজাৰ, চাৰে ১২ হাজাৰ আৰু ২৫ হাজাৰ টকাকৈ বৃত্তি প্ৰদান কৰা হ’ব। এই ধন তেওঁলোকৰ বেংক একাউণ্টত মাহিলী কিস্তি হিচাপে প্ৰদান কৰা হ’ব। নিৰ্বাচনৰ পূৰ্বে দিয়া সকলো প্রতিশ্রুতি পালন কৰা হ’ব বুলি তেওঁ জনসাধাৰণক আশ্বাস দিয়ে। ড০ শর্মাই লগতে যিসকল মহিলাই এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই সেই সম্পৰ্কেও আলাপ- আলোচনা অব্যাহত আছে বুলি উল্লেখ কৰে। মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনি লাখপতি বাইদেউ আঁচনিৰ অধীনত প্ৰ-পত্ৰ পুনৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে মাইক্ৰ’ফাইনেন্স ঋণ ৰেহাই আঁচনিৰ অধীনত যিসকল মহিলাই ৫০ হাজাৰ টকা পৰ্যন্ত ঋণ লৈছিল অহা ছেপ্তেম্বৰ মাহত তেওঁলোকৰ সেই ঋণ বেংকক ঘূৰাই দি এন-অ’-চি প্ৰদানৰ ব্যৱস্থা কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক