July 31, 2024 11:07 AM | NF Railway

printer

২০৩০ চনৰ ভিতৰত শূণ্য কাৰ্বন নির্গমনৰ লক্ষ্যত উপনীত হ’ব : উত্তৰ পূব সীমান্ত ৰে’লৱে

ভাৰতীয় ৰেল নীতিৰ সৈতে সংগতি ৰাখি উত্তৰ পূব সীমান্ত ৰেল ২০৩০ চনৰ ভিতৰত শূণ্য কাৰ্বন নির্গমনৰ লক্ষ্যত উপনীত হ’বলৈ অগ্ৰসৰ হৈছে। জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ প্ৰয়াসেৰে উত্তৰ পূব সীমান্ত ৰেলৱেই সমগ্ৰ সংমণ্ডল সেৱা ভৱন আৰু অন্যান্য প্রতিষ্ঠানসমূহত মুধচৰ ওপৰৰ সৌৰ শক্তি স্থাপনেৰে অধিক সেউজ শক্তি উৎপাদনৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। নবীকৰণযোগ্য শক্তিৰ জৰিয়তে নিজৰ চাহিদা পূৰণ কৰিবলৈ উত্তৰ-পূব সীমান্ত ৰেলৱেই নবীকৰণযোগ্য উৎসৰ পৰা ১ দশমিক ৪-৫ মিলিয়ন ইউনিট শক্তি উৎপাদন কৰিছে, যাৰ ফলত যোৱা এপ্রিল-জুনৰ ভিতৰত ৯৭ দশমিক ৯ লাখ টকা ৰাহি হৈছে। গো গ্ৰীণ অভিযানৰ অধীনত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অধীনৰ অসম আৰু ত্ৰিপুৰাৰ ২৪টা বিভিন্ন ষ্টেশ্যন আৰু অন্যান্য সেৱাসমূহত এই সৌৰ শক্তিৰ পেনেলসমূহ সংযোজিত কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক