২০৩০ চনৰ ভিতৰত অসমত সেউজ শক্তিৰ জৰিয়তে ৩ হেজাৰ মেগাৱাটতকৈও অধিক শক্তি উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ

অসমে ২০৩০ চনৰ ভিতৰত সেউজ শক্তিৰ জৰিয়তে ৩ হেজাৰ মেগাৱাটতকৈও অধিক শক্তি উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে সেউজ ভৱিষ্যতৰ দিশত ৰাজ্যৰ অৱদানে ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰাৰ কথা প্ৰকাশ কৰি কয় যে, অজীৱাষ্ম শক্তিৰ উৎস ব্যৱহাৰৰ জৰিয়তে দেশৰ নেট জিৰো লক্ষ্যক আগুৱাই নিয়াৰ ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত শ্ৰেষ্ঠ সন্মান লাভ কৰিছে। উল্লেখযোগ্য যে, ভাৰতে ২০৩০ চনৰ ভিতৰত অজীৱাশ্ম উৎসৰ পৰা আহৰণ কৰা শক্তিৰে বিদ্যুৎ শক্তি সামর্থ্য্য ৫০০ গিগাৱাটলৈ বৃদ্ধিৰ লক্ষ্য লৈছে আৰু ইয়াৰ বাবে ১০০ শতাংশ প্রত্যক্ষ বিদেশী বিনিয়োগত অনুমোদন জনাইছে। কেন্দ্ৰীয় নতুন আৰু নবীকৰণযোগ্য শক্তি দপ্তৰৰ মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে বিশ্ব সৰ্ববৃহৎ গণতন্ত্র আৰু দ্রুত বিকশিত ৰাষ্ট্ৰ হিচাপে ভাৰতৰ নবীকৰণযোগ্য শক্তি আহৰণৰ যাত্ৰাই অন্য উন্নয়নশীল অৰ্থনীতিৰ ৰাষ্ট্ৰসমূহক বহনক্ষমতা আহৰণৰ পথত অগ্ৰসৰ হ’বলৈ উৎসাহিত কৰিব। ভাৰতে ২০৭০ চনৰ ভিতৰত শূণ্য কাৰ্বন নিগমনৰ লক্ষ্যত উপনীত হোৱাৰ বাবে কাম কৰি আছে বুলিও তেওঁ উল্লেখ কৰে। তেওঁ কয় যে শক্তিশালী নীতি নিৰ্ধাৰণ আৰু আন্তঃৰাষ্ট্ৰীয় অংশীদাৰিত্বৰ ফলত দেশৰ নবীকৰণযোগ্য শক্তি আহৰণৰ যাত্ৰা সূচল হৈ উঠিছে। উদাহৰণস্বৰূপে মন্ত্ৰীগৰাকীয়ে ভাৰত আৰু ফ্রান্সে অংশীদাৰিত্বৰে লোৱা আন্তঃৰাষ্ট্ৰীয় সৌৰ সহযোগিতাৰ পদক্ষেপৰ বিষয়ে উল্লেখ কৰে। উল্লেখযোগ্য যে ২০১৫ চনৰ পেৰিচ জলবায়ু পৰিৱৰ্তন শীৰ্ষ সন্মিলনত গ্ৰহণ কৰা সেউজ পৃথিৱী গঢ়ি তোলাৰ বাবে গ্ৰহণ কৰা সংকল্প পূৰণৰ দিশে পদক্ষেপ লোৱা ভাৰতেই একমাত্ৰ ৰাষ্ট্ৰ বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা মাহত উল্লেখ কৰিছিল।

অধিক পঢ়ক

সকলো চাওক