September 8, 2024 11:35 AM | NFR

printer

২০২৮ চনৰ ভিতৰত  উত্তৰ-পূৰ্বাঞ্চলত ৰে’ল যাতায়াত সুচল হৈ উঠিব বুলি উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাৰ প্ৰকাশ

অসমত ৰে’লপথ বৈদ্যুতিকীকৰণৰ কাম ৬৫ শতাংশ সম্পূৰ্ণ হৈছে আৰু অহা বছৰৰ ভিতৰত নিৰ্ধাৰিত লক্ষ্য অনুসৰি ১০০ শতাংশই সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। কালি আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই এই বিষয়ে প্রকাশ কৰে। তেওঁ কয় যে ৰে’লপথ বৈদ্যুতিকীকৰণৰ ফলত ইন্ধন ৰাহি হোৱাৰ লগতে ৰে’ল যাত্ৰা দ্রুত হৈ উঠিব। বৈদ্যুতিক ইঞ্জিনৰ কাৰ্যক্ষমতা অধিক হোৱাৰ ফলত ৰে’লযাত্ৰা সুচল হোৱাৰ উপৰি বিত্তীয় ক্ষেত্ৰতো বাহি হ’ব বুলি তেওঁ কয়। একেদৰে ৰাজ্যখনৰ বিভিন্ন অঞ্চলত ৰে’ল পথ দ্বৈতকৰণৰ কাম অব্যাহত আছে বুলি তেওঁ জানিবলৈ দিয়ে। ইপিনে, ৰে’ল দুৰ্ঘটনা হ্ৰাস কৰাৰ লগতে ৰে’লৰ খুন্দাত হাতীৰ মৃত্যু হোৱাৰ ঘটনা ৰোধ কৰাৰ বাবে কৃত্রিম বুদ্ধিমত্তা প্রয়োগ কৰি অপ্তিকেল ফাইবাৰৰ সহায়ত ব্যৱস্থা গ্ৰহণ কৰাৰ ফলত এনে দুৰ্ঘটনাৰ সংখ্যা হ্রাস পাইছে বুলি তেওঁ জানিবলৈ দিয়ে। উত্তৰ-পূৰ্বাঞ্চলত ৰে’লপথ নিৰ্মাণৰ কাম প্ৰায় অর্ধেক সম্পন্ন হৈছে আৰু ২০২৮ চনৰ ভিতৰত অঞ্চলটোত ৰে’ল যাতায়াত সুচল হৈ উঠিব বুলি তেওঁ আশা প্রকাশ কৰে। এই অঞ্চলটোত প্রাকৃতিক আৰু পৰিৱেশজনিত সমস্যাৰ বাবে সময়ে সময়ে নির্মাণকার্য লেহেমীয়া হয় বুলিও তেওঁ উল্লেখ কৰে। ইপিনে, ৰে’ল বিভাগে যাত্ৰীসকলৰ সুবিধার্থে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে ৰে’লযাত্ৰাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হোৱা মাত্ৰেই যিকোনো যাত্ৰীয়ে ৰে’ল মদদ প’ৰ্টেলত আপত্তিসমূহ দাখিল কৰিব পাৰে৷ আনহাতে, দিব্যাংগসকলৰ বাবেও সুবিধাজনক শৌচাগাৰ, প্ৰস্ৰাৱগাৰকে ধৰি সকলো ব্যৱস্থা ক্রমান্বয়ে কৰি অহা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। তদুপৰি মহিলাৰ সুৰক্ষাৰ ক্ষেত্ৰতো ৰে’ল আৰক্ষীয়ে সতর্কতাৰে ব্যৱস্থা গ্ৰহণ কৰে বুলি তেওঁ উল্লেখ কৰে৷

অধিক পঢ়ক

সকলো চাওক