অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি ৬০ বসন্ত কুমাৰ গোস্বামীয়ে সাহিত্য সভাক অনাগত সময়ত বিতৰ্কৰ পৰা আঁতৰাই ৰখাৰ ক্ষেত্ৰত স্থায়ী ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰিছে। আকাশবাণী গুৱাহাটীৰ সংবাদদাতা হেমন্ত দত্তৰে হোৱা আছুতীয়া সাক্ষাৎকাৰত ড০ গোস্বামীয়ে এই কথা প্ৰকাশ কৰিছে।
উল্লেখযোগ্য যে, ২০২৫-২৭ বৰ্ষৰ বাবে ড০ বসন্ত কুমাৰ গোস্বামী সভাপতি হিচাপে নিৰ্বাচিত হৈছে। গোস্বামীয়ে ৪০৩টা ভোট লাভ কৰাৰ বিপৰীতে ড০ উপেন ৰাভা হাকাছামে ৩২৫টা ভোট লাভ কৰিছে। একেদৰ উপ-সভাপতি পদত পদুম ৰাজখোৱাই ৩৮৯টা ভোট লাভ কৰি জয়ী হয়। বিপিন কলিতাই ২৪৩টা আৰু চহিৰ ভূঞাই ৯৯টা ভোট লাভ কৰে। প্ৰধান সম্পাদক পদত অজিত প্রসাদ শৰ্মাক পৰাজিত কৰি দেৱজিত বৰা জয়ী হৈছে। দেৱজিত বৰাই ৪০৫টা ভোট লাভ কৰাৰহ বিপৰীতে অজিত প্ৰসাদ শৰ্মাই ২৪০টা ভোট লাভ কৰে। কামৰূপ জিলা সাহিত্য সভাৰ উদ্যোগত কালি দাত অনুষ্ঠিত কাৰ্যনিৰ্বাহ বৈঠকত সামৰণিৰ দিনটোত ভোটগণনা সম্পন্ন হয়। কার্যনির্বাহ বৈঠকত বিশৃংখলতাৰ সৃষ্টি হোৱাৰ পাছতে একাংশ জ্যেষ্ঠ কাৰ্যনিৰ্বাহকৰ হস্তক্ষেপত পৰিস্থিতি সাম কাটে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই অসম সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱা ড০ বসন্ত কুমাৰ গোস্বামীক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে। তেওঁ লগতে সভাৰ বিভিন্ন বিষয়বাবত নৱনিৰ্বাচিত প্ৰতিগৰাকী ব্যক্তিকে অভিনন্দন জ্ঞাপন কৰে। তেওঁ কয় যে বিশিষ্ট সাহিত্যিকগৰাকীৰ বলিষ্ঠ ভূমিকাত অসম সাহিত্য সভাই নতুন গতি লাভ কৰিব। অসমৰ ভাষা-সাহিত্য সংস্কৃতিক বিশ্বমুখী কৰাৰ ক্ষেত্ৰত অসম সাহিত্য সভাই বিভিন্ন পৰিকল্পনা লৈ আগবাঢ়ি যাব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত প্রধান সম্পাদক দেৱজিৎ বৰাই সাহিত্য সভাৰ ভৱিষ্যৎ কাৰ্যপন্থাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে।সভাপতিৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ড০ উপেন ৰাভা হাকাচামে আমাৰ সংবাদদাতাৰ সৈতে হোৱা বাৰ্তালাপত ভোটগণনা প্রক্রিয়া আসোৱাহপূৰ্ণ বুলি অভিযোগ উত্থাপন কৰে। এই সন্দৰ্ভত ইতিমধ্যে ড০ হাকাচামে সাহিত্য সভাৰ নিৰ্বাচন সমিতি আৰু উচ্চ ক্ষমতাসম্পন্ন সমিতিৰ সভাপতিলৈ পত্ৰ প্ৰেৰণ কৰিছে।