October 16, 2024 8:50 PM | MSP For RABI Crops

printer

২০২৫-২৬ বিপণন বৰ্ষৰ বাবে ৰবি শস্যৰ ন্যূনতম সমর্থন মূল্য বৃদ্ধিৰ প্ৰস্তাৱত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন

কেন্দ্ৰীয় চৰকাৰে ২০২৫-২৬ বিপণন বৰ্ষৰ বাবে ৰবি শস্যৰ ন্যূনতম সমর্থন মূল্য বৃদ্ধিৰ প্ৰস্তাৱত অনুমোদন জনাইছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত নতুন দিল্লীত অনুষ্ঠিত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকত গ্ৰহণ কৰা বিভিন্ন সিদ্ধান্তৰ বিষয়ে সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি এই কথা প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে, বগা সৰিয়হ আৰু সৰিয়হৰ ন্যূনতম সমৰ্থন মূল্য প্রতি কুইণ্টলত সৰ্বাধিক ৩০০ টকা বৃদ্ধি কৰা হৈছে। ইয়াৰ বিপৰীতে মচুৰ দাইলৰ ন্যূনতম সমৰ্থন মূল্য প্রতি কুইণ্টলত ২৭৫ টকা বৃদ্ধি কৰা হৈছে। শ্রীবৈষ্ণৱে কয় যে, বুটৰ ন্যূনতম সমৰ্থন মূল্য প্রতি কুইণ্টলত ২১০ টকা আৰু ঘেঁহুৰ ১৫০ টকা বৃদ্ধি কৰা হৈছে। তেওঁ কয় যে, চৰকাৰে খেতিয়কসকলৰ বাবে উৎপাদিত শস্যৰ উচিত মূল্য সুনিশ্চিত কৰাৰ উদ্দেশ্য ৰবি শস্যৰ ন্যূনতম সমৰ্থন মূল্য বৃদ্ধি কৰিছে। মন্ত্ৰীগৰাকীয়ে কয় যে, চৰকাৰে উত্তৰ প্ৰদেশত গংগা নৈৰ ওপৰত এখন নতুন ৰে’ল আৰু পথ দলংসহ বাৰাণসী পণ্ডিত দীনদয়াল উপাধ্যায় মাল্টি ট্রেকিং প্রকল্প নিৰ্মাণৰ প্ৰস্তাৱতো অনুমোদন দিছে। এই প্রকল্পই যোগাযোগ ব্যৱস্থা সুচল কৰি তুলিব, পৰিবহণ ব্যয় হ্ৰাস কৰিব, তেলৰ আমদানি হ্ৰাস কৰিব আৰু কাৰ্বন ডাই অক্সাইডৰ নিৰ্গমণ কম কৰিব বুলি শ্রীবৈষ্ণৱে উল্লেখ কৰে। এই প্ৰকল্পই নিৰ্মাণৰ সময়ত প্ৰায় ১০ লাখ কৰ্মদিনৰ পোনপটীয়া কৰ্ম-সংস্থাপন সৃষ্টি কৰিব। তেওঁ কয় যে, এই প্ৰকল্পৰ বাবদ ২,৬৪২ কোটি টকা ব্যয় হ’ব আৰু ৪ বছৰত কাম সম্পূৰ্ণ হ’ব। মন্ত্ৰীগৰাকীয়ে লগতে মন্ত্রীসভাই কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ মৰগীয়া বানচ আৰু পেঞ্চনাৰসকলৰ মৰগীয়া সাহায্য ৩ শতাংশ বৃদ্ধি কৰাৰ প্ৰস্তাৱত অনুমোদন জনোৱা বুলি ঘোষণা কৰে।  এই সিদ্ধান্তই কেন্দ্ৰীয় চৰকাৰৰ ৪৯ লাখ কৰ্মচাৰী আৰু ৬৪ লাখৰো অধিক পেঞ্চনাৰক উপকৃত কৰিব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক