২০২৫-২৬ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেটত উত্তৰ-পূৰ্বাঞ্চলৰ বাবে আৱণ্টিত পুঁজি আৰু উত্তৰ-পূব উন্নয়ন মন্ত্ৰ্যালয়ৰ পুঁজি বৃদ্ধি কৰা হৈছে। বাজেটত এইবেলি উত্তৰ-পূব উন্নয়ন মন্ত্ৰ্যালয়ৰ বাবে ৫,৯১৫ কোটি টকা আৱণ্টন কৰা হৈছে। ২০২৪-২৫ বৰ্ষৰ বাজেটত এই মন্ত্ৰ্যালয়ৰ বাবে চাৰি হাজাৰ ছয় কোটি টকা ধাৰ্য্য কৰা হৈছিল। বাজেটত উল্লেখ কৰা মতে এই শিতানত আৱণ্টিত ধনৰ বৃদ্ধিৰ পৰিমাণ প্রায় ৪৭.৬ শতাংশ। ইয়াৰ উপৰি অসমৰ চাহ শ্ৰমিকসকলৰ সামাজিক সুৰক্ষাৰ বাবে বাজেটত ৬৬ কোটি ৮৭ লাখ টকা আৱণ্টন দিয়া হৈছে। এইবাৰৰ বাজেটত বিত্ত মন্ত্ৰ্যালয় তথা বিভিন্ন বিভাগত উত্তৰ-পূবৰ বাবে সুকীয়াকৈ ১ লাখ ৫ হাজাৰ ৮৮৩ কোটি ২৮ লাখ টকা ধাৰ্য্য কৰা হৈছে। ইয়াৰ ভিতৰত উত্তৰ-পূব উন্নয়ন মন্ত্ৰ্যালয়ৰ বাবে ধাৰ্য্য কৰা ধনো সন্নিৱিষ্ট হৈ আছে।
Site Admin | February 2, 2025 12:07 PM | Doner Ministry | Union Budget 2025-26
২০২৫-২৬ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেটত উত্তৰ-পূৰ্বাঞ্চলৰ বাবে আৱণ্টিত পুঁজি বৃদ্ধি
