ভাৰতীয় বক্সাৰ হিতেশ, ব্রাজিলত অনুষ্ঠিত ২০২৫ বৰ্ষৰ বিশ্বকাপ বক্সিং প্রতিযোগিতাৰ ফাইনেলত স্থান লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হিচাপে বিবেচিত হৈছে। প্ৰতিযোগিতাৰ পুৰুষৰ ৭০ কিলোগ্রাম শাখাত তেওঁ ফ্ৰান্সৰ মাকান ট্ৰাওৰেক ৫-০ ব্যৱধানত পৰাস্ত কৰে। এই প্রতিযোগিতাৰ ৫০ কিলোগ্রাম শাখাত যদুমণি সিং, ৬০ কিলোগ্রাম শাখাত শচীন ছিৱাচ আৰু ৯০ কিলোগ্রাম শাখাত বিশালে ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে।
Site Admin | April 4, 2025 6:02 PM | Akashvani News | Boxing | HITESH | SPORTS
২০২৫ বৰ্ষৰ বিশ্বকাপ বক্সিঙৰ ফাইনেলত স্থান লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হিচাপে বিবেচিত ভাৰতীয় বক্সাৰ হিতেশ
