ৰাষ্ট্ৰসংঘৰ ধবজাবাহী অর্থনৈতিক প্ৰতিবেদনত ২০২৫ বৰ্ষত ভাৰতৰ অৰ্থ ব্যৱস্থাৰ বিকাশ হাৰ ৬.৬ শতাংশ হ’ব বুলি অনুমান কৰা হৈছে। ঘাইকৈ সামগ্ৰীৰ ব্যক্তিগত ব্যৱহাৰ আৰু বিনিয়োগৰ বাবে বিকাশ হাৰ বৃদ্ধি পাব বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে। কালি জাৰি কৰা ৰাষ্ট্ৰসংঘৰ ২০২৫ বৰ্ষৰ বিশ্ব অর্থনৈতিক স্থিতি আৰু সম্ভাৱনা সম্পৰ্কীয় প্ৰতিবেদনত ভাৰতৰ সেৱা খণ্ড আৰু একাংশ নির্মিত সামগ্ৰীৰ ৰপ্তানী বৃদ্ধিক অর্থনৈতিক গতিবিধিৰ মুখ্য কাৰক বুলি কোৱা হৈছে। ইয়াৰ বিপৰীতে ২০২৫ বৰ্ষত চীনৰ অৰ্থ ব্যৱস্থাৰ বিকাশ হাৰ ৪.৮ শতাংশ হ’ব বুলি অনুমান কৰা হৈছে। ২০২৪ বৰ্ষত চীনৰ আনুমানিক বৃদ্ধিৰ হাৰ ৪.৯ শতাংশ আছিল।
ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত ২০২৫ বৰ্ষত বিশ্বজনীন বিকাশৰ হাৰ ২.৮ শতাংশ বুলি অনুমান কৰা হৈছে। ২০২৪ বৰ্ষটো এই হাৰ একেই আছিল। প্ৰতিবেদনৰ প্ৰস্তাৱনাত ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছে ২০২৫ বৰ্ষৰ বাবে গোলকীয় সহযোগিতাৰ বাবে আহ্বান জনাই সমৃদ্ধিশালী আৰু বহনক্ষম ভৱিষ্যতৰ দিশে অগ্ৰসৰ হোৱাৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰে।
Site Admin | January 10, 2025 1:24 PM | India - UN
২০২৫ বৰ্ষত ভাৰতৰ অৰ্থব্যৱস্থাৰ বিকাশ হাৰ ৬.৬ শতাংশ হ’ব : ৰাষ্ট্ৰসংঘ
