October 10, 2024 8:27 PM | UN | United Nations

printer

২০২৫ চনৰ পৰা ২০২৭ চনৰ কাৰ্যকালৰ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ ৪৭ খনীয়া মানৱাধিকাৰ পৰিষদৰ ১৮ খন সদস্য ৰাষ্ট্ৰ নিৰ্বাচন

ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ২০২৫ চনৰ পৰা ২০২৭ চনৰ কাৰ্যকালৰ বাবে ৪৭ খনীয়া মানৱাধিকাৰ পৰিষদৰ ১৮ খন সদস্য ৰাষ্ট্ৰ নিৰ্বাচন কৰিছে। এই ১৮ খন ৰাষ্ট্ৰৰ ভিতৰত আছে- বেনিন, বলিভিয়া, কলম্বিয়া, ছাইপ্ৰাছ, কাটাৰ আৰু থাইলেণ্ড আদি ৷ গোপন বেলটৰ জৰিয়তে এই সদস্য ৰাষ্ট্ৰকেইখন নিৰ্বাচিত কৰা হয়। অহা বছৰ পহিলা জানুৱাৰীৰ পৰা সদস্য ৰাষ্ট্ৰকেইখনৰ তিনি বছৰীয়া কাৰ্যকাল আৰম্ভ হ’ব। উল্লেখযোগ্য যে ৪৭ খনীয়া সদস্য ৰাষ্ট্ৰসমূহৰ প্ৰায় এক তৃতীয়াংশ প্ৰতিবছৰে সলনি কৰা হয়৷

অধিক পঢ়ক

সকলো চাওক