২০২৪-২৫ বৰ্ষৰ সাধাৰণ বাজেট দেশৰ উন্নয়ন, কর্ম সংস্থাপন সৃষ্টি, কল্যাণ, মূলধনী ব্যয় আৰু বিত্তীয় একত্ৰীকৰণৰ মাজত ভাৰসাম্য ৰক্ষা কৰি যুগুত কৰা হৈছেঃ বিত্তমন্ত্ৰী

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কৈছে যে, ২০২৪-২৫ বৰ্ষৰ সাধাৰণ বাজেট দেশৰ অগ্ৰাধিকাৰৰ বিষয়সমূহ যেনে – উন্নয়ন, কর্ম সংস্থাপন সৃষ্টি, কল্যাণ, মূলধনী ব্যয় আৰু বিত্তীয় একত্ৰীকৰণৰ মাজত ভাৰসাম্য ৰক্ষা কৰি যুগুত কৰা হৈছে। ৰাজ্যসভাত কালি বাজেট সম্পৰ্কীয় আলোচনাৰ উত্তৰত তেওঁ এই কথা উল্লেখ কৰে। কেন্দ্ৰীয় চৰকাৰে ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াস’ৰ নীতিত বিশ্বাস ৰাখি আহিছে বুলি মন্তব্য কৰি তেওঁ কয় যে বাজেটখনে সহযোগিতামূলক যুক্তৰাষ্ট্ৰবাদৰ নীতিত অটল আস্থা ৰখাকে প্ৰতিপন্ন কৰিছে। তেওঁ লগতে কৃষিখণ্ডত আবণ্টন হ্ৰাস পোৱা বুলি বিৰোধী দলে কৰা অভিযোগ খণ্ডন কৰে। তেওঁ কয় যে শিক্ষা, নিয়োগ আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত ১ লাখ ৪৮ হাজাৰ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ দিয়া হৈছে। কৰ ৰাজহ চকুত লগা ধৰণে বৃদ্ধি পাইছে বুলি শ্ৰীমতী সীতাৰমনে উল্লেখ কৰে। তেওঁ কয় যে নতুন মিটাৰ স্থাপনৰ প্ৰয়াসৰ বাবে শক্তি খণ্ডৰ ৰছিদ প্ৰদান আৰু সংগ্ৰহ দক্ষতা বৃদ্ধি পাইছে আৰু ইয়াৰ ফলস্বৰূপে ২০২৩-২৪ বৰ্ষত অনা-কৰ ৰাজহ ২০২৩-২৪ বৰ্ষৰ ৫ হাজাৰ ১৪৮ কোটি টকাৰ পৰা চাৰে ৬ হাজাৰ কোটি টকালৈ বৃদ্ধি পাইছে। এই প্ৰক্ৰিয়াক তেওঁ বৃহৎ সংস্কাৰ বুলি অভিহিত কৰে। বিত্ত মন্ত্ৰীগৰাকীয়ে কয় যে অশোধিত পাম অইল, অশোধিত ছয়াবিন তেল আৰু অশোধিত সুৰুযমুখী তেলৰ ওপৰত আৰোপিত ২ দশমিক ৫ শতাংশ শুল্কৰ অৱসান ঘটোৱা হৈছে। তেওঁ কয় যে এই ব্যৱস্থাই কর্মসংস্থাপন সৃষ্টি আৰু খোৱা তেলৰ উপলব্ধতা সুনিশ্চিত কৰাৰ বাবে শোধনৰ অৰ্থে ভাৰতলৈ অশোধিত তেল ৰপ্তানিৰ অনুমতি প্ৰদান কৰে। ধন হস্তান্তৰ সন্দৰ্ভত শ্ৰীমতী সীতাৰৰ্মনে কয় যে বিত্তীয় আয়োগে সংবিধানৰ ২৭৯ অনুচ্ছেদ অনুযায়ী শুদ্ধ আয়ৰ শতাংশ হিচাপে কৰ হস্তান্তৰৰ পৰামৰ্শ আগবঢ়াইছে। তেওঁ কয় যে মুঠ প্রাপ্ত মুঠ কৰৰ পৰা উপকৰ, অতিৰিক্ত কৰ আৰু সংগ্ৰহ ব্যয় বাদ দি শুদ্ধ আয় নিৰ্দ্ধাৰণ কৰা হয়। মুঠ প্রাপ্ত কৰৰ ভিত্তিত হস্তান্তৰৰ গণনা কৰা আৰু কেন্দ্ৰীয় চৰকাৰে বিত্ত আয়োগৰ দ্বাৰা দিয়া পৰামৰ্শতকৈ কম হাৰত কৰ হস্তান্তৰ কৰা বুলি দাবী কৰাটো ভুল বুলি বিত্তমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে মূলধনী ব্যয় ১১ লাখ ১১ হাজাৰ কোটি টকা ধাৰ্য কৰা হৈছে। এই পৰিমাণ ২০২৩-২৪ বৰ্ষৰ সংশোধিত পূর্বানুমান আৰু প্ৰাৰম্ভিক বাস্তৱিকতাতকৈ প্ৰায় ১৭ শতাংশ অধিক বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শ্ৰীমতী সীতাৰমনে কয় যে ইউ পি এৰ শাসনকালত ২০০৪-০৫ চনৰ পৰা ২০১৩-১৪ চনলৈ মূলধনী ব্যয়ৰ বাবদ ১৩ লাখ ১৯ হাজাৰ কোটি টকা আৱণ্টন কৰা হৈছিল। ইয়াৰ বিপৰীতে এন ডি এ চৰকাৰৰ শাসন কালত ২০১৪ৰ পৰা ২০২৪ চনলৈ মূলধনী ব্যয়ৰ নামত ৪৩ লাখ ৮২ হাজাৰ কোটি টকা আৱণ্টন কৰা হৈছে। ২০২১ বৰ্ষত বিত্তীয় ঘাটি ৯ দশমিক ২ শতাংশলৈ বৃদ্ধি পাইছিল বুলি উল্লেখ কৰি বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে ২০২৫-২৬ বৰ্ষৰ ভিতৰত বিত্তীয় ঘাটি ৪ দশমিক ৫ শতাংশতকৈ কম কৰাৰ বাবে কাম কৰিব। অগ্নিবীৰ আঁচনি সন্দৰ্ভত শ্ৰীমতী সীতাৰমনে কয় যে আঁচনিখনে সশস্ত্র বাহিনীসমূহক যুদ্ধৰ বাবে সাজু কৰি ৰখাত সহায় কৰিব। তেওঁ লগতে আঁচনিখনক লৈ ৰাজনীতি কৰাৰ আৱশ্যকতা নাই বুলি উল্লেখ কৰে।

অধিক পঢ়ক

সকলো চাওক