২০২৪-২৫ বৰ্ষৰ সাধাৰণ বাজেট দেশৰ অগ্ৰাধিকাৰৰ বিষয়সমূহ যেনে – উন্নয়ন, কর্ম সংস্থাপন সৃষ্টি, কল্যাণ, মূলধনী ব্যয় আৰু বিত্তীয় একত্ৰীকৰণৰ মাজত ভাৰসাম্য ৰক্ষা কৰি যুগুত কৰা হৈছে বুলি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে আজি ৰাজ্যসভাত প্ৰকাশ কৰে। ৰাজ্যসভাত আজি বাজেট সম্পৰ্কীয় আলোচনাৰ উত্তৰত তেওঁ এই কথা উল্লেখ কৰে। কেন্দ্ৰীয় চৰকাৰে ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সৰকা প্ৰয়াস’ৰ নীতিত বিশ্বাস ৰাখি আহিছে বুলি মন্তব্য কৰি তেওঁ কয় যে বাজেটখনে সহযোগিতামূলক যুক্তৰাষ্ট্ৰীয়বাদৰ নীতিত অটল আস্থা ৰখাকে প্ৰতিপন্ন কৰিছে। তেওঁ লগতে কৃষিখণ্ডত আবণ্টন হ্ৰাস পোৱা বুলি বিৰোধী দলে কৰা অভিযোগ খণ্ডন কৰে। তেওঁ কয় যে শিক্ষা, নিয়োগ আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত ১ লাখ ৪৮ হাজাৰ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ দিয়া হৈছে। ইপিনে, দেশত জাতিৰ লোকপিয়লৰ দাবীৰে বিৰোধী পক্ষই সৃষ্টি কৰা হুলস্থুলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি লোকসভাৰ কাৰ্যক্ৰমণিকা দুপৰীয়া ১২ বজালৈ স্থগিত ৰখা হয় ৷ ইয়াৰ পূৰ্বে পুৱাৰ ভাগত সদন মিলিত হোৱাৰ সময়ত কংগ্ৰেছৰ সদস্যসকলে বিষয়টো সদনত উত্থাপন কৰাৰ চেষ্টা চলায়। পাছত কংগ্ৰেছ, ডি এম কে, সমাজবাদী পাৰ্টী আৰু অন্যান্য দলৰ সদস্যসকলে সদনৰ মজিয়াত তেওঁলোকৰ দাবীৰ সমৰ্থনত শ্ল’গান দিবলৈ আৰম্ভ কৰে। অধ্যক্ষ ওম বিৰলাই প্ৰতিবাদৰত সদস্যসকলক নিজৰ নিজৰ আসন গ্রহণ কৰিবলৈ বাৰে বাৰে অনুৰোধ জনায় যদিও তেওঁলোকে প্ৰতিবাদ অব্যাহত ৰাখে। এনে পৰিস্থিতিৰ মাজতেই অধ্যক্ষই প্রশ্নকাল চলাই নিবলৈ চেষ্টা কৰে। তেওঁ কয় যে, পূৰ্ব পৰিকল্পিতভাৱে সদনৰ কাৰ্যসূচীত ব্যাঘাত জন্মোৱাটো উচিত নহয়। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে সদনত বিৰোধী পক্ষৰ ব্যৱহাৰৰ বাবে সমালোচনা কৰে। তেওঁ কংগ্ৰেছক সেনাবাহিনীৰ বিৰুদ্ধে মন্তব্য কৰি দেশক দুৰ্বল কৰাৰ চেষ্টা চলোৱা বুলি অভিযোগ কৰে। শ্ৰী ৰিজিজুৱে লগতে কংগ্ৰেছে দেশত হিংসাক উচতনি দিয়াৰ চেষ্টা কৰিছে বুলিও অভিযোগ উত্থাপন কৰে। হুলস্থূলীয়া পৰিস্থিতি বাহাল থকাৰ বাবে সদনৰ কাম-কাজ দুপৰীয়া ১২ বজালৈ স্থগিত ৰখা হয়।
Site Admin | July 31, 2024 6:08 PM | Nirmala RS