May 6, 2024 8:46 PM | NEET-UG

printer

২০২৪ বৰ্ষৰ NEET-UG প্ৰশ্নকাকত ফাদিল হোৱা বুলি দাবী কৰা প্ৰতিবেদনক ভিত্তিহীন বুলি অভিহিত NTA ৰ

ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা চমুকৈ NTAয়ে ২০২৪ বৰ্ষৰ NEET-UG প্ৰশ্নকাকত ফাদিল হোৱা বুলি দাবী কৰা প্ৰতিবেদনক ভিত্তিহীন বুলি অভিহিত কৰিছে। এন টি এয়ে এক বিবৃতিত কয় যে যিকোনো কাগজ ফাদিলৰ দিশলৈ আঙুলিয়াই দিয়া ছচিয়েল মিডিয়া পোষ্টবোৰ সম্পূৰ্ণ ভিত্তিহীন আৰু ইয়াৰ কোনো ভিত্তি নায়। সংস্থাটোৱে কৈছে যে কালি ৫৭১খন চহৰৰ চাৰি হাজাৰ ৭৫০টা কেন্দ্ৰত NEET (UG) ২০২৪ সফলতাৰে অনুষ্ঠিত কৰা হৈছে। এন টি এয়ে জনোৱা মতেৰাজস্থানৰ ছাৱাই মাধোপুৰৰ এটা কেন্দ্ৰত পৰীক্ষা সমাপ্ত হোৱাৰ আগতেই একাংশ ছাত্র-ছাত্রীয়ে বলপূর্বকভাৱে প্ৰশ্নকাকত লৈ যোৱাৰ এটা ঘটনা সংঘটিত হয়৷ প্রশ্নকাকতখনৰ এখন ছবিৰ সৈতে প্ৰশ্নকাকত ফাদিলক জড়িত কৰাটো দুষ্টামি আৰু অর্থহীন বুদ্ধিTA য়ে প্ৰকাশ কৰে। এন টি এয়ে স্পষ্ট কৰি দিয়ে যেেিয়ল মিডিয়াত প্ৰচাৰিত প্ৰশ্নকাকতখনৰ ফটোসমূহৰ প্ৰকৃত পৰীক্ষাৰ প্ৰশ্নকাকতখনৰ ৰ সৈতে কোনো সম্পর্ক নাই। ২০২৪ বৰ্ষৰ NEET UG পৰীক্ষাত এই বছৰ অভিলেখ সৃষ্টি হৈছে, যত ২৪ লাখৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাৰ বাবে পঞ্জীয়ন কৰিছে। NTA যে প্ৰাৰ্থী, অভিভাৱক, আৰু শিক্ষকসকলক আগন্তক সময়ত এনে উৰাবাতৰিৰ প্ৰতি গুৰুত্ব নিদিবলৈ পৰামৰ্শ প্ৰদান কৰিছে।

অধিক পঢ়ক

সকলো চাওক