কেন্দ্ৰীয় চৰকাৰে প্ৰশাসনিক সংস্কাৰ আৰু জন অভিযোগ বিভাগত ২০২৪ বৰ্ষৰ ই-গভর্নেন্সৰ ৰাষ্ট্ৰীয় বঁটাৰ বাবে শিক্ষা সেতু অসমক বাছনি কৰিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শিক্ষাসেঁতুৱে এই স্বীকৃতিৰ বাবে সকলোকে অভিনন্দন জনাইছে। এই স্বীকৃতিয়ে প্ৰযুক্তিৰ জৰিয়তে শিক্ষাখণ্ডলৈ পৰিৱৰ্তন অনাৰ লক্ষ্যক প্ৰেৰণা যোগাব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে। উল্লেখযোগ্য যে অহা ৮ আৰু ৯ আগষ্টত মুম্বাইত অনুষ্ঠিত হ’বলগীয়া ই-গভর্নেন্সৰ ২৭ সংখ্যক ৰাষ্ট্ৰীয় সন্মিলনৰ সময়তে সমগ্ৰ শিক্ষা অসমক এই বঁটা প্ৰদান কৰা হ’ব বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে।
Site Admin | July 5, 2024 7:50 PM | E-Governance Award