April 16, 2024 7:53 PM | UPSC Result

printer

২০২৩ বৰ্ষৰ অসামৰিক সেৱাৰ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা সকলোলৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ ২০২৩ বৰ্ষৰ অসামৰিক সেৱাৰ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয় যে, কঠোৰ পৰিশ্ৰম, অধ্যৱসায় আৰু একাগ্ৰতাৰ ফলাফল তেওঁলোকে লাভ কৰিছে। তেওঁ কয় যে, অনাগত সময়ত তেওঁলোকৰ প্ৰচেষ্টাই দেশৰ ভৱিষ্যত নিৰূপণ কৰাত সহায় কৰিব। প্ৰধানমন্ত্ৰীয়ে লগতে অসামৰিক সেৱাৰ পৰীক্ষাত সফলতা লাভ কৰিব নোৱাৰা প্ৰাৰ্থীসকলক উদ্দেশ্যি কয় যে, এয়া তেওঁলোকৰ যাত্ৰাৰ সামৰণি নহয়। পৰীক্ষাত সফল হোৱাৰ বিভিন্ন সুযোগ আছে কিন্তু ইয়াৰ উৰ্ধতো প্ৰাৰ্থীসকলে তেওঁলোকৰ যোগ্যতা প্ৰদৰ্শন কৰিব পৰাকৈ ভাৰতত আন বহুতো সুযোগ আছে বুলি প্রধানমন্ত্ৰীয়ে লগতে মন্তব্য কৰে। শ্ৰীমোদীয়ে কয় যে তেওঁলোকে এই বিশাল সম্ভাৱনাসমূহৰ অন্বেষণ কৰি লক্ষ্য প্রাপ্তিৰ বাবে চেষ্টা কৰা উচিত। উল্লেখযোগ্য যে কেন্দ্রীয় লোকসেৱা আয়োগৰ আজি ঘোষণা কৰা অসামৰিক সেৱাৰ পৰীক্ষাত আই আই টি কানপুৰৰ ইলেকট্রিকেল ইঞ্জিনিয়াৰিঙৰ স্নাতক আদিত্য শ্রীবাস্তবে শীর্ষ স্থান লাভ কৰিছে। শীর্ষ স্থান লাভ কৰা ২৫ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ১০ গৰাকী মহিলা আৰু ১৫ জন পুৰুষ প্ৰাৰ্থী আছে। আয়োগে বাচনি কৰা এহেজাৰ ১৬ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৬৬৪ জন পুৰুষ আৰু ৩৫২ গৰাকী মহিলা প্রার্থী আছে। অসমৰ কেইবাগৰাকীও যুৱক-যুৱতীয়ে এই তালিকাত স্থান লাভ কৰিছে। ইয়াৰ ভিতৰত অভিজ্ঞান হাজৰিকাই ১৭২ সংখ্যক স্থান, ৰিকি লহকৰ প্ৰধানে ২৩০ সংখ্যক স্থান, ঈশ্বৰী ডেকাই ৩২০ সংখ্যক স্থান, ঋতুৰাজ শৰ্মাই ৪৬২ সংখ্যক স্থান, ভাস্বত শ‍ইকীয়াই ৫৫২ সংখ্যক স্থান, মানস উৎপলে ৬১৫ সংখ্যক স্থান, কল্লোল হাজৰিকাই ৯৯২ সংখ্যক স্থান আৰু আজমল হুছেইনে ১০১৩ সংখ্যক স্থান লাভ কৰিছে।

অধিক পঢ়ক

সকলো চাওক