ডাউনলোড
মোবাইল এপ

android apple
signal

August 16, 2024 7:56 PM | Film Award

printer

২০২২ বৰ্ষৰ ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ ঘোষণা

২০২২ বৰ্ষৰ বাবে ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ ঘোষণা কৰা হৈছে। ‘কান্তাৰা’ চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে ঋষভ চেত্ৰীক শ্রেষ্ঠ অভিনেতাৰ বঁটা প্ৰদান কৰা হৈছে। তামিল কথাছবি ‘তিৰুচিত্ৰমবলম’ত কৰা অভিনয়ৰ বাবে নিত্যা মেনন আৰু গুজৰাটী চলচ্চিত্র ‘কচ্চ এক্সপ্ৰেছ’ত কৰা অভিনয়ৰ বাবে মানসী পাড়েখলৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা আগবঢ়োৱা হৈছে। চলচ্চিত্ৰ জুৰিৰ অধ্যক্ষ ৰাহুল ৰাৱেইল, তথ্যচিত্ৰ জুৰিৰ অধ্যক্ষ নীলা মাধৱ পাণ্ডা আৰু চিনেমা সম্পৰ্কীয় শ্রেষ্ঠ লিখনিৰ জুৰিৰ অধ্যক্ষ গংগাধৰ মুদালিয়াৰে এই বঁটাসমূহ ঘোষণা কৰে। মালায়ালম চলচ্চিত্র ‘অট্টম’ক শ্রেষ্ঠ চলচ্চিত্ৰ হিচাপে ঘোষণা কৰাৰ বিপৰীতে ‘আয়না’ক শ্ৰেষ্ঠ তথ্যচিত্ৰ হিচাপে ঘোষণা কৰা হৈছে। সুৰয বড়জাত্যক ‘উঁচাই’ চলচ্চিত্ৰৰ বাবে শ্রেষ্ঠ পৰিচালকৰ বঁটাৰে সন্মানিত কৰা হৈছে। অৰিজিৎ সিঙক শ্রেষ্ঠ পার্শ্ব গায়ক আৰু বোম্বে জয়শ্ৰীক শ্ৰেষ্ঠ পার্শ্ব গায়িকাৰ বঁটা প্ৰদান কৰা হৈছে। এমুঠি পুঠি নামৰ ছবিখনে অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবি তথা ৰজতকমল বঁটা লাভ কৰিছে৷ একেদৰে দৰে তিৱা ভাষাৰ চলচ্চিত্ৰ ছিকাইশাললৈ তিৱা ভাষাৰ ৰজত কমল বঁটা আগবঢ়োৱা হৈছে। নৱপন ডেকা পৰিচালিত অসমীয়া চুটি ছবি শূন্যতাই শ্রেষ্ঠ চুটি ছবি তথা ৰজত কমল বঁটা লাভ কৰিছে। আনহাতে তথ্য চিত্ৰ শিতানত আইমী বৰুৱা পৰিচালিত বিৰুবালা, Witch to Padmashri, আৰু পাৰ্থসাথী মহন্ত পৰিচালিত আন এখন অসমীয়া তথ্য চিত্র হাড়গিলা : The Greater adjutant stork লৈ বিচাৰকৰ বিশেষ বঁটা আগবঢ়োৱা হৈছে। পন্নিয়িন ছেলৱন পার্ট ৱান, কে জি এফ টু, ব্ৰহ্মাস্ত্ৰ, অপৰাজিতো, কাবেৰী অন্তর্ধান, দামন আৰু বাগী ডি ধিৰ দৰে কেইবাখনো চলচ্চিত্রই বঁটা লাভ কৰিছে।

অধিক পঢ়ক

সকলো চাওক