ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে নতুন দিল্লীত ২০২২ বৰ্ষৰ বাবে ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ প্ৰদান কৰিছে। এই উপলক্ষে বিশিষ্ট অভিনেতা মিথুন চক্ৰৱৰ্তীক ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হৈছে। কানাড়া ছবি কান্তাৰাত কৰা অনবদ্য অভিনয়ৰ বাবে ঋষভ ছেট্রিক শ্রেষ্ঠ অভিনেতাৰ বঁটাৰে সন্মানিত কৰা হৈছে। লগতে নিত্যা মেননক তামিল ছবি তিৰুচিত্রাম্বলমত আৰু মানসী পাৰেখক গুজৰাটী ছবি কাটছ্ এক্সপ্ৰেছত কৰা মননশীল অভিনয়ৰ বাবে যুটীয়াভাৱে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা প্ৰদান কৰা হয়। ইপিনে, অনিৰুদ্ধ ভট্টাচাৰ্য আৰু পাৰ্থিৱ ধৰে ৰচনা কৰা Kishore Kumar : The Ultimate Biography গ্ৰন্থখনক চলচ্চিত্ৰ ক্ষেত্ৰৰ সৰ্বশ্ৰেষ্ঠ গ্ৰন্থ হিচাপে পুৰস্কৃত কৰা হৈছে। এইবেলি ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত সৰ্বশ্ৰেষ্ঠ চলচ্চিত্ৰ হিচাপে মালায়ালম চলচ্চিত্র অট্টমক আৰু তথ্য চিত্ৰ শিতানত সৰ্বশ্ৰেষ্ঠ হিচাপে আয়েনা নিৰ্বাচিত হৈছে। উঁচায়ি চলচ্চিত্ৰখনৰ বাবে সুজ বজাত্যক শ্রেষ্ঠ পৰিচালক হিচাপে সন্মানিত কৰা হৈছে। সংগীত শিতানত অৰিজিত সিং আৰু বোম্বে জয়শ্ৰীক ক্রমে শ্ৰেষ্ঠ পুৰুষ আৰু মহিলা নেপথ্য কণ্ঠশিল্পী বঁটা প্ৰদান কৰা হয়। আনহাতে, কুলনন্দিনী মহন্ত পৰিচালিত অসমীয়া চিনেমা এমুঠি পুথিকে ধৰি পুনিয়ান ছেলভন-১, কে জিএফ-২, ব্ৰহ্মাস্ত্র, অপৰাজিত, কাবেৰী, অন্তর্ধান, দমন আৰু বাঘি দি ধি চলচ্চিত্রকেইখনকো বিশেষ বঁটাৰে পুৰস্কৃত কৰা হৈছে।
Site Admin | October 8, 2024 6:57 PM | national film award