July 7, 2024 12:26 PM | Assam CM

printer

২০১৮-১৯ বৰ্ষত আৰম্ভ কৰা অসম আদর্শ গ্রাম যোজনাৰ অধীনত ১,৮৫৪ টা আঁচনি সম্পূৰ্ণ

ৰাজ্যজুৰি সৰ্বোত্তম ৰাজহুৱা সেৱা প্ৰদান কৰা আদৰ্শ গাঁও নিৰ্মাণৰ লক্ষ্যৰে ২০১৮-১৯ বৰ্ষতে আৰম্ভ কৰা অসম আদর্শ গ্রাম যোজনাৰ অধীনত এই পর্যন্ত ১,৮৫৪ টা আঁচনি সম্পূৰ্ণ কৰা হৈছে আৰু ইয়াৰ বাবে মুঠ ২৫০ কোটি টকা মুকলি কৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি জনতা ভৱনত অসম আদর্শ গ্রাম যোজনা কাৰ্যসূচীৰ অগ্ৰগতিৰ বিষয়ে আলোচনা কৰিবলৈ আয়োজন কৰা এখন পৰ্যালোচনা বৈঠকত এই তথ্য সদৰি কৰে। বৈঠকত এই যোজনাৰ অধীনত নিৰ্বাচিত গাঁও সমূহত ৰূপায়ণৰ বাবে বৰ্তমানলৈ লোৱা আঁচনিৰ সংখ্যা, মুকলি কৰা ধনৰ বিপৰীতে কামৰ অগ্ৰগতি, সম্পূৰ্ণ হোৱা আঁচনি আদিকে ধৰি যোজনাখনৰ সৈতে জড়িত বিভিন্ন বিষয়ৰ বুজ লৈ মুখ্যমন্ত্ৰীয়ে যোজনাখন অধিক ফলপ্রসূ ৰূপত ৰূপায়ণ কৰাৰ অৰ্থে সংশ্লিষ্ট কৰ্তৃপক্ষক যাৱতীয় নির্দেশনা প্রদান কৰে।

অধিক পঢ়ক

সকলো চাওক