লোকসভাত আজি ২০২৪-২৫ বৰ্ষৰ বাবে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ দাবী মঞ্জুৰীৰ প্ৰস্তাৱ সম্পর্কে আলোচনা হয়। আলোচনা আৰম্ভ কৰি কংগ্ৰেছ তাৰিক অনৱাৰে জনসাধাৰণৰ বাবে চিকিৎসা সুবিধাৰ উপলভ্যতাত গুৰুত্ব আৰোপ কৰে। সাংসদগৰাকীয়ে গ্ৰামাঞ্চলৰ বুনিয়াদী স্বাস্থ্য সুবিধাৰ উন্নয়নৰ বাবে এইবাৰৰ বাজেটত যথেষ্ট ধন আবণ্টন কৰা হোৱা নাই বুলি অভিযোগ তোলে। ঔষধৰ উচ্চ মূল্যৰ কথা উল্লেখ কৰি শ্ৰী অনৱাৰে বৰ্ধিত দামৰ জনসাধাৰণে ঔষধ ক্রয় কৰিবলৈ অসমৰ্থ হোৱা বুলি অভিযোগ কৰে। আলোচনাত অংশ লৈ বিজেপিৰ ড° সঞ্জয় জয়ছোৱালে কয় যে চৰকাৰে শিক্ষা আৰু স্বাস্থ্য খণ্ডৰ প্ৰতি বিশেষ মনোযোগ দিছে। তেওঁ কয় যে ২০১৪ চনত দেশত মাত্র ৩৮৭ খন চিকিৎসা মহাবিদ্যালয় আছিল আৰু সম্প্ৰতি এনে মহাবিদ্যালয়ৰ সংখ্যাই ৭০৬ অতিক্ৰম কৰিছে। তেওঁ কয় যে ২০১৪ চনত দেশত প্ৰায় ৫১ হাজাৰ চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমৰ আসন আছিল আৰু বৰ্তমান আসনৰ সংখ্যা ১ লাখৰো অধিক হৈছেগৈ। জনসাধাৰণলৈ স্বাস্থ্য সুবিধা আগবঢ়োৱাৰ উদ্দেশ্যে চৰকাৰে আয়ুস্মান ভাৰত যোজনা আৰম্ভ কৰা বুলি সাংসদগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে বৰ্তমানলৈকে ৩ কোটিৰো অধিক জনসাধাৰণে এই আঁচনিৰ সুবিধা গ্ৰহণ কৰিছে। তেওঁ লগতে কয় যে এইবাৰৰ বাজেটত কৰ্কট ৰোগৰ চিকিৎসাত ব্যৱহৃত তিনিবিধ ঔষধত আৰোপিত সীমা শুল্ক ৰেহাই দিয়া হৈছে আৰু এই সিদ্ধান্তই দেশৰ ২৭ লাখ কৰ্কট ৰোগীক উপকৃত কৰিব। সমাজবাদী পাৰ্টীৰ লালজী বার্মাই কয় যে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ তুলনাত এইবেলি স্বাস্থ্য শিতানৰ বাজেট হ্রাস পাইছে। তেওঁ কয় যে দেশত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা বৃদ্ধি পাইছে যদিও এই মহাবিদ্যালয়সমূহত বুনিয়াদী সা-সুবিধা গঢ় লৈ উঠা নাই। আলোচনাত ভাগ লৈ তৃণমূল কংগ্ৰেছৰ ড° শর্মিলা সৰকাৰে স্বাস্থ্য খণ্ডৰ বাবে পৰ্যাপ্ত পুঁজি যোগান নধৰাৰ বিষয় উত্থাপন কৰে। তেওঁ লগতে মানসিক স্বাস্থ্য সেৱাৰ বাবে সুকীয়া পুঁজিৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰে।
Site Admin | August 2, 2024 8:14 PM | sanjay jaiswal