ডাউনলোড
মোবাইল এপ

android apple
signal

January 14, 2025 11:18 AM | Assam Govt

printer

২০০৬ চনৰ পূৰ্বে স্থাপিত কিন্তু প্রাদেশীকিকৰণৰ পৰা বহির্ভূত শিক্ষানুষ্ঠানসমূহৰ সমস্যা সমাধানৰ বাবে অসম মন্ত্ৰীসভাৰ উপ-সমিতি গঠন

অসম চৰকাৰে ২০০৬ চনৰ পূৰ্বে স্থাপন হোৱা কিন্তু প্রাদেশীকিকৰণ প্ৰক্ৰিয়াৰ পৰা বহির্ভূত শিক্ষানুষ্ঠানসমূহৰ ক্ষেত্ৰত দেখা দিয়া সমস্যা সমাধান কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে মন্ত্ৰীসভাৰ এখন উপ-সমিতি গঠন কৰিছে। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ নেতৃত্বৰ এই সমিতিখনে এই বিষয়ত উদ্ভৱ হোৱা আঁসোৱাহসমূহ দুৰ কৰাৰ বাবে পৰামৰ্শ প্ৰদান কৰিব। সমিতিয়ে লগতে প্রশাসনীয় ক্ষেত্ৰত পৰিৱৰ্তন আৰু সংশোধনীৰ বাবেও প্রয়োজনীয় পৰামৰ্শ দিব। সমিতিখনে ১৫ ফেব্ৰুৱাৰীৰ পূৰ্বে প্রতিবেদন দাখিল কৰিব ৷
একেদৰে, ৰাজ্যৰ আশা কৰ্মী, আশা সহায়িকা আৰু মধ্যাহ্ন ভোজনৰ কৰ্মীসকলৰ দৰমহা আৰু পাৰিশ্ৰমিক সন্দৰ্ভত ওজব-আপত্তি নিষ্পত্তিৰ বাবে ৰাজ্যিক মন্ত্রীসভাৰ এখন উপ-সমিতি গঠন কৰা হৈছে। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অনুৰোধমৰ্মে এই সমিতিখন গঠন কৰিছে। বিত্ত, মহিলা আৰু শিশু কল্যাণ মন্ত্রী অজন্তা নেওগৰ অধ্যক্ষতাত গঠিত এই সমিতিৰ সদস্য হিচাপে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহল, শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু আৰু জলসম্পদ মন্ত্রী পীযূষ হাজৰিকা আছে। এই সমিতিখনে এই কৰ্মীসকলৰ ওজব-আপত্তিসমূহ ভালদৰে চালি-জাৰি চাই ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত ইয়াৰ প্ৰতিবেদন দাখিল কৰিব ৷

অধিক পঢ়ক

সকলো চাওক