ৰাজ্য চৰকাৰৰ এক লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতিৰ অংশ হিচাপে আজি পুনৰ নিযুক্তি সমাৰোহৰ আয়োজন কৰা হৈছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল প্ৰেক্ষাগৃহত শিক্ষা বিভাগৰ ২৮৪ গৰাকী আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ১০১ গৰাকী প্ৰাৰ্থীক আজি নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব। অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষা মন্ত্ৰী ডা০ ৰণোজ পেগু উপস্থিত থাকিব। উল্লেখযোগ্য যে যোৱা ২৬ ছেপ্তেম্বৰ পৰ্যন্ত এক লাখ ২৪ হাজাৰ ৬৪৫ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছিল। আজিৰ এই নিযুক্তিৰ পাছতে মুঠ নিযুক্তিৰ সংখ্যা ১ লাখ ২৫ হাজাৰ ৩০লৈ বৃদ্ধি পাব। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমযোগে এই বিষয়ে প্রকাশ কৰি কয় যে ৰাজ্য চৰকাৰ জনসাধাৰণৰ আস্থা আৰু বিশ্বাসৰ মূল্য দিয়াৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ আৰু ১ লাখ নিযুক্তি অতিক্ৰম কৰাটোৱে এই কথাকে প্ৰমাণ কৰে।
Site Admin | October 7, 2024 11:25 AM | Assam Govt | Assam Job
১ লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতিৰ অংশ হিচাপে পুনৰ নিযুক্তি সমাৰোহৰ আয়োজন ৰাজ্য চৰকাৰৰ
