সমগ্ৰ দেশজুৰি কাইলৈৰ পৰা তিনিখন নতুন ফৌজদাৰী আইন বলবৎ হ’ব। ঔপনিবেশিক সময়ৰ পৰা চলি অহা ভাৰতীয় দণ্ডবিধি, ফৌজদাৰী বিধি আৰু ভাৰতীয় সাক্ষ্য আইনৰ পৰিৱৰ্তে কাইলৈৰ পৰা ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম নামৰ নতুন আইন তিনিখন বলবৎ হ’ব। অসম চৰকাৰে এই আইন তিনিখন ৰাজ্যত নিয়াৰিকৈ প্ৰৱৰ্তনৰ বাবে ন্যায় বিভাগ আৰু অসম আৰক্ষীৰ সহযোগত যাৱতীয় কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে। তদুপৰি নতুন আইনকেইখনৰ সফল ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে মুখ্য সচিবৰ নেতৃত্বত এখন ৰাজ্যিক পৰ্যায়ৰ কৰ্ণধাৰ সমিতি গঠন কৰি দিছে। আৰক্ষী সঞ্চালক প্ৰধানক সদস্য, ন্যায়িক বিভাগৰ আইনী পৰামৰ্শদাতাক সদস্য সচিব আৰু কাৰাগাৰ মহাপৰিদৰ্শক, ফৰেণচিক বিজ্ঞান গৱেষণাগাৰৰ সঞ্চালক তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ লোক অধিবক্তাক সদস্য হিচাপে লৈ গঠন কৰা সমিতিখনে আইন তিনিখন সন্দৰ্ভত কেইবালানিও বৈঠক অনুষ্ঠিত কৰিছে। ইয়াৰ সমান্তৰালকৈ চৰকাৰী অধিবক্তা আৰু আৰক্ষী লোকসকলক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। ইপিনে, আজি গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত নতুন আইনকেইখন সন্দৰ্ভত সংবাদ মাধ্যমৰ বাবে এখন কর্মশালা অনুষ্ঠিত হয়। কর্মশালাত অংশ লৈ অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগৰ অতিৰিক্ত সঞ্চালক প্ৰধান মুন্না প্রসাদ গুপ্তাই কয় যে নতুন আইনত দণ্ড প্ৰদানৰ পৰিৱৰ্তে ন্যায় প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ দ্বাৰা ভুক্তভোগীয়ে স্বচ্ছ প্ৰক্ৰিয়াৰে দ্রুতভাবে ন্যায় লাভ কৰিব বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয় যে এতিয়া যিকোনো লোকে থানালৈ নোযোৱাকৈ বৈদ্যুতিন মাধ্যমেৰে এজাহাৰ দাখিল কৰিব পাৰিব। একেদৰে এই মাধ্যমেৰে চমন জাৰি কৰিব পৰা যাব। তদুপৰি নতুন আইনত সাক্ষীসকলৰ সুৰক্ষাত অধিক গুৰুত্ব দিয়া হৈছে বুলি তেওঁ কয়। ইয়াৰ ওপৰত ভিত্তি কৰি অসম চৰকাৰৰ নলবাৰীত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত সাক্ষী সুৰক্ষা আঁচনিত অনুমোদন দিয়া হৈছে বুলিও শ্রীগুপ্তাই জানিবলৈ দিয়ে। এই কর্মশালাত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা অংশুমান বৰাও উপস্থিত থাকে। অধিবক্তাগৰাকীয়ে আইন তিনিখন সন্দৰ্ভত বিস্তৃতভাৱে ব্যাখ্যা আগবঢ়ায়।
Site Admin | June 30, 2024 6:48 PM | New Criminal Laws