লোকসভা নিৰ্বাচনৰ ইতিমধ্যে ভোটগ্রহণ অনুষ্ঠিত হৈ যোৱা ৬টা পৰ্যায়ৰ পৰিস্থিতিৰ পৰ্যালোচনা কৰি বাকী থকা সপ্তম তথা অন্তিমটো পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে ৰাজনৈতিক দলসমূহে অধিক আগ্রাসী ৰূপত নির্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। সপ্তম পৰ্যায়ত সাতখন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৭খন সংসদীয় আসনৰ বাবে ১ জুনত ভোটগ্রহণ কৰা হ’ব। এই পৰ্যায়ত মুঠ ৯০৪ গৰাকী প্ৰাৰ্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। ইয়াৰ ভিতৰত বিহাৰৰ ৮খন আসনত ১৩৪ গৰাকী, ছণ্ডীগড়ৰ এখন আসনত ১৯ গৰাকী, হিমাচল প্ৰদেশৰ ৪খন আসনত ৩৭ গৰাকী, ঝাৰখণ্ডৰ তখন আসনত ৫২ গবাকী, ওড়িশাৰ ৩ খন আসনত ৬৬ গৰাকী, পঞ্জাৱৰ ১৩ খন আসনত ৩২৮ গৰাকী, উত্তৰ প্ৰদেশৰ ১৩ খন আসনত ১৬৪ গৰাকী আৰু পশ্চিমবংগৰ ৯খন আসনত ১২৪ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। জ্যেষ্ঠ বিজেপি নেতা তথা প্রধানমন্ত্রী নবেন্দ্র মোদীয়ে কালি উত্তৰ প্ৰদেশৰ মির্জাপুৰ, ঘোচি আৰু বাঁছগাঁৱত তিনিখনকৈ জনসভাত অংশগ্ৰহণ কৰি ভোটদাতাৰ সমৰ্থন বিচাৰে। শ্রীমোদীয়ে কয় যে, সু-উদ্দেশ্যে আৰু নীতিসমূহৰ বাবে দেশে তৃতীয়বাৰৰ বাবে বিজেপি-এন ডি এ চৰকাৰ গঠন কৰাৰ সিদ্ধান্ত লৈছে। আনহাতে সমাজবাদী পাৰ্টীৰ নেতা অখিলেশ যাদৱে চালেমপুৰ আৰু বল্লিয়াত জনসভা সম্বোধন কৰি কয় যে, বর্তমান সময়ত জনসাধাৰণ মূল্য বৃদ্ধি আৰু নিবনুৱা সমস্যাৰ বাবে হতাশ হৈ পৰিছে।কালি বিহাৰৰ ঔৰংগাবাদ আৰু কৈমূৰৰ লগতে পঞ্জাবৰ লুধিয়ানাত ৩ খনকৈ জনসভা সম্বোধন কৰাৰ পাছত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে আজি উত্তৰ-প্ৰদেশৰ কুশিনগৰ, ছালেমপুৰ আৰু চান্দাউলীত নির্বাচনী প্ৰচাৰ সভাত অংশ ল’ব । ইফালে, মির্জাপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী অনুপ্রিয়া পেটেল আৰু ৰবাৰ্টগঞ্জ সংসদীয় সমষ্টিৰ প্রার্থী বিংকি কোলৰ সমৰ্থনত এখন নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি বিজেপি নেতা তথা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কয় যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত জনসাধাৰণে এখন নতুন ভাৰতৰ উত্থানৰ সাক্ষী হৈছে। তেওঁ লগতে ভাৰত বৰ্তমান এটা মুখ্য শক্তি হোৱাৰ দিশত আগবাঢ়িছে বুলিও উল্লেখ কৰে। তেওঁ লগতে কয় যে, শ্রীমোদীয়ে ১৪০ কোটি ভাৰতীয়ক নিজৰ পৰিয়ালৰ দৰে ভাবে আৰু প্ৰতিজন নাগৰিকৰ জীৱন সমৃদ্ধিশালী কৰি তোলাৰ বাবে চেষ্টা কৰিছে। ইপিনে, কেন্দ্রীয় মন্ত্রী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ এন ডি এৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালেও কালি পশ্চিমবংগৰ দমদমৰ পৰা উলিওৱা এটা বোড শ্বত অংশ লোৱাৰ লগতে কলকাতাৰ চৌৰাংগীত এখন বিশাল জনসভা সম্বোধন কৰি দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায় ৷ কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়েও আজি কেইবাখনো জনসভাত অংশ ল’ব। প্ৰিয়ংকা গান্ধীয়ে হিমাচল প্ৰদেশৰ চাম্বা আৰু শ্বাহপুৰ সমষ্টিত দুখনকৈ জনসভা সম্বোধন কৰাৰ বিপৰীতে ৰাহুল গান্ধীয়ে আজি পাটনা চাহিব আৰু পাতলিপুত্ৰত নিৰ্বাচনী প্ৰচাৰ চলাব।