ডাউনলোড
মোবাইল এপ

android apple
signal

১ এপ্ৰিলৰ পৰা আকাশবাণী গুৱাহাটীৰ ‘জিলাৰ ৰেহৰূপ’ সন্ধিয়াৰ পৰিৱৰ্তে পুৱাৰ ভাগত প্ৰচাৰ হ’ব

● শ্ৰোতাসকলৰ বিপুল দাবীৰ প্ৰতি সঁহাৰি জনাই আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ জনপ্ৰিয় অনুষ্ঠান ‘জিলাৰ ৰেহৰূপ’ পুনৰ সন্ধিয়াৰ পৰিৱৰ্তে পুৱাৰ ভাগত প্ৰচাৰৰ দিহা কৰা হৈছে। সেই অনুসৰি অহা ১ এপ্ৰিলৰ পৰা জিলাৰ ৰেহৰূপ অনুষ্ঠান প্রতিদিনে পুৱাৰ আঞ্চলিক বাতৰিৰ ঠিক পাছতেই অর্থাৎ ৯ বাজি ১৫ মিনিটৰ পৰা ৯ বাজি ২০ মিনিটলৈ প্ৰচাৰিত হ’ব। উল্লেখযোগ্য যে ক’ভিড কালত বিভিন্ন অনুষ্ঠানৰ সময় পৰিৱৰ্তনৰ বাবে জিলাৰ ৰেহৰূপৰ প্ৰচাৰ বন্ধ কৰা হৈছিল আৰু পৰৱৰ্তী কালত ইয়াক সন্ধিয়া ৭ বাজি ৫ মিনিটত প্ৰচাৰ কৰাৰ ব্যৱস্থা কৰা হৈছিল।

অধিক পঢ়ক

সকলো চাওক