১৯ সংখ্যক জি-২০ শীৰ্ষ সন্মিলনৰ কালি ব্রাজিলৰ ৰিঅ’ ডি জেনেৰোত সামৰণি পৰে। ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুলা দা ছিলভাই ৰাষ্ট্ৰগোষ্ঠীটোৰ অধ্যক্ষতাৰ দায়িত্ব দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চিৰিল ৰামাফোছাৰ হাতত অৰ্পণ কৰে। সামৰণি ভাষণত ৰাষ্ট্ৰপতি লুলাই ব্রাজিলৰ অধ্যক্ষতাত লোৱা বিভিন্ন পদক্ষেপৰ বিষয়ে উল্লেখ কৰে। এনে পদক্ষেপৰ ভিতৰত ক্ষুধা আৰু দৰিদ্ৰতাৰ বিৰুদ্ধে গোলকীয় জোঁটৰ শুভাৰম্ভ, কৰ আৰোপন সন্দৰ্ভত নজিৰবিহীন বিতর্ক, বিত্ত মন্ত্ৰালয় আৰু কেন্দ্ৰীয় বেংকসমূহৰ কাৰ্যসূচীত জলবায়ু পৰিৱৰ্তনৰ অন্তৰ্ভুক্তি আৰু জৈৱ অৰ্থব্যৱস্থা সম্পৰ্কীয় প্রথম বহুপাক্ষিক নথিত অনুমোদন অন্যতম। গোলকীয় প্রশাসন অধিক ফলপ্ৰসূ আৰু প্ৰতিনিধিত্বমূলক কৰি তোলাৰ বাবে কাম কৰা আৰু জি-২০ সমাজৰ জৰিয়তে সম্প্ৰদায়ৰ সৈতে আলোচনাৰ দৰে বিষয়সমূহেও এনে পদক্ষেপত স্থান লাভ কৰিছে। ৰাষ্ট্ৰপতি লুলা দা ছিলভাই কয় যে দক্ষিণ আফ্ৰিকাৰ অধ্যক্ষতাৰ পাছত জি-২০ ৰাষ্ট্ৰগোষ্ঠীৰ আটাইকেইখন দেশে কমেও এবাৰকৈ ৰাষ্ট্ৰগোষ্ঠীটোৰ অধ্যক্ষতাৰ দায়িত্ব বহন কৰাৰ কৃতিত্ব অৰ্জন কৰিব। সন্মিলনত বাতৰি সংগ্ৰহৰ বাবে ব্ৰাজিললৈ যোৱা আমাৰ সংবাদদাতাই জনাইছে যে জি-২০ ৰাষ্ট্ৰগোষ্ঠীৰ ব্ৰাজিল শীৰ্ষ সন্মিলনৰ সামৰণিৰ লগে লগে উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ অধ্যক্ষতাত ৪ বছৰৰ ধাৰা সম্পূৰ্ণ হ’ল। ইয়াৰ অধীনত ইণ্ডোনেছিয়া, ভাৰত আৰু ব্ৰাজিলে ৰাষ্ট্ৰগোষ্ঠীটোৰ অধ্যক্ষতাৰ দায়িত্ব সম্পূৰ্ণ কৰিলে আৰু দক্ষিণ আফ্ৰিকাক ইয়াৰ অধ্যক্ষতাৰ দায়িত্ব অর্পণ কৰা হ’ল।
Site Admin | November 20, 2024 11:31 AM | G-20 summit